Spread the love

ডিমাকুছিত বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম জয়ন্তী উদযাপনৰ সফল সামৰণি।
____________

বিগত বৰ্ষকেইটিৰ দৰে এই বেলিও ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ ডিমাকুছিত ২৫ ,২৬ ব’হাগ ইং ৮ ,৯ মে’ বুধবাৰ আৰু বৃহস্পতিবাৰে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম জয়ন্তী উদযাপন কৰে । প্ৰথম দিনা কাৰ্য্যসূচী অনুসৰি শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য্য অনাথ কিৰ্ত্তনীয়াই মুখ্যদ্বাৰ উন্মোচন কাৰ্যসূচীৰে আৰম্ভ কৰা অনুষ্ঠানত উদযাপন সমিতিৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি প্ৰশান্ত মজুমদাৰে , সাংগঠনিক পতাকা উত্তোলন কৰে সদৌ বিটিআৰ বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ ডিমাকুছি আঞ্চলিক সমিতিৰ সভাপতি ইন্দ্ৰজিৎ বণিকে , বন্তি প্ৰজ্বলন কৰে নালাপাৰাৰ গাঁওবুঢ়া বেনুমাধৱ ৰাজবংশীয়ে , পুষ্পাঞ্জলী অৰ্পন কৰে উত্তৰ শেখাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মতিলাল ৰয়ে , সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভণি কৰে মুক্তা দত্ত আৰু গোপাল কুমাৰ দে , মুকলি সভা উদ্বোধন কৰে শেখাৰ শংকৰদেৱ মিছন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শিতেশ্বৰ শৰ্মাই । অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মতিলাল ৰয়ৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে মঙ্গলদৈ মহাবিদ্যালয়ৰ বাংলা বিভাগৰ সহকাৰী অধ্যাপিকা মৌচুমী কংসবণিকে । বৃক্ষৰোপণ , চিত্ৰাঙ্কণ প্ৰতিযোগিতা , ৰবীন্দ্ৰ নাটক , ২০২৩-২৪ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা আৰু অভিনন্দন জ্ঞাপন আদিৰে আৰম্ভ কৰি দ্বিতীয় দিনা আমন্ত্ৰিত জনপ্ৰিয় কণ্ঠশিল্পী দেৱযানী শীল আৰু ধুবুৰীৰ দিবাকৰ ভট্টাচাৰ্যৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়াৰে সামৰণি পৰে । সদৌ বিটিআৰ বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচন, ডিমাকুছি আৰু ৰজাগড় আঞ্চলিক সমিতিৰ উদ্যোগত তথা বৃহত্তৰ ডিমাকুছি অঞ্চলবাসী ৰাইজৰ সহযোগত ডিমাকুছিৰ কালানদীৰ পাৰত অনুষ্ঠিত হোৱা অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী , সদৌ বিটিআৰ বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি হৰেন দাস , সম্পাদক শুভ মজুমদাৰ , প্ৰাক্তন বিধায়িকা কমলী বসুমতাৰী , বিটিআৰৰ ইএম সঞ্জীৎ তাঁতী , দাওবাইছা বড়ো , অৰূপ কুমাৰ দে , ধৰ্ম নাৰায়ন দাস , বিটিচিৰ প্ৰাক্তন উপাধ্যক্ষ নেৰশ্বন বড়োকে ধৰি বহুকেইগৰাকী বিশিষ্ট শিক্ষক , বিশিষ্ট সমাজকৰ্মী , বিভিন্ন দল-সংগঠনৰ ছাত্ৰ সংগঠনৰ বিষয়ববীয়া সকল ।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *