Spread the love

তামুলপুৰত জটিল ৰোগত আক্ৰান্ত ৰোগীৰ মাজত মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পূজিৰ চেক বিতৰণ

 

তামুলপুৰ,২৩ ফেব্ৰুৱাৰী-

 

তামুলপুৰ সমষ্টিৰ বিভিন্ন প্ৰান্তৰ আৰ্থিক ভাৱে পিছপৰা পৰিয়ালৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত ২৩ গৰাকী ৰোগীৰ মাজত আজি মুখ্যমন্ত্ৰী সাহাৰ্য্য পূঁজিৰ চেক বিতৰন কৰা হয় ৷

বিটিআৰৰ বিজেপি দলৰ মনোনীত এম চি এল এ তথা তামুলপুৰ মণ্ডল বিজেপিৰ সভাপতি হেমন্ত কুমাৰ ৰাভাই তামুলপুৰ সমষ্টিৰ অন্তৰ্গত গেৰুৱা, বৰোখোপা,দ্বাৰকুছী,কেকেৰীকূছী,দেফেলী,বাৰাংগাবাৰী, কালাকূছী, চ’কামাৰী, পূণীয়া, উলুবাৰী আদি কে’বাখনো গাঁওৰ কৰ্কট আৰু বৃক্কৰ জটিল ৰোগত আক্ৰান্ত ৰোগী তথা পৰিয়ালৰ লোকৰ হাতত মুখ্য মন্ত্ৰীৰ সাহাৰ্য্য পূজিৰ পশিছ হেজাৰ টকাৰ চেক প্ৰদান কৰে ৷ একমাত্ৰ আৰ্থিক অনাটনৰ বাবে জটিল ৰোগৰ উপযুক্ত চিকিৎসা গ্ৰহণত অসুবিধাত পৰা ৰোগী সকলে তেওলোকৰ বিপৰ্যয়ৰ সময়ত মুখ্য ড: হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা আৰ্থিক সাহাৰ্যৰ বাবে প্ৰতি গৰাকী ৰোগী তথা আত্মীয়ই মুখ্যমন্ত্ৰী গৰাকীক কৃতজ্ঞতা জনোৱাৰ লগতে ৰাজ্যৰ বিজেপি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে ৷

মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পূঁজিৰ চেক বিতৰণৰ সময়ত বিটিআৰৰ মনোনীত এমচিএল গৰাকীৰ সৈতে তামুলপুৰ মণ্ডল বিজেপিৰ উপ সভাপতি মনেশ্বৰ দাস, সাধাৰন সম্পাদক বিমল হাজৰিকা,অম্বৰ ছেত্ৰী,

গয়বাৰী মণ্ডল এচ টি মৰ্চাৰ সভাপতি লংকেশ্বৰ ৰাভাৰ লগতে আনকেবা গৰাকী বিজেপি কৰ্মী উপস্থিত থাকে ৷


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *