Spread the love

 

তামুলপুৰত বনৰীয়া হাতীৰ আক্ৰমণত এজন নিহত

#তামুলপুৰৰ নবিনগাঁওৰ সত্যেন্দ্ৰ বিশ্বাস(৭০) নামৰ বৃদ্ধ গৰাকীৰ হাতীৰ গচকত মৃত্যু হয়

পুৱাই বনৰীয়া হাতীৰে মুখামুখি হৈ গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈ ধনৰ অভাৱত ঘৰতে যন্ত্ৰনাত ছটফটাই পৰি আছিল ৭০ বছৰীয়া বৃদ্ধ গৰাকী

অৱশেষত কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে আঘাতপ্ৰাপ্ত বৃদ্ধ গৰাকীক

পুৱা নিজ বাসগৃহৰ কাষতে নিজৰাত মুখ ধুবলৈ গৈছিল বৃদ্ধ গৰাকী। উল্লেখ যে তামুলপুৰৰ উত্তৰাঞ্চলত বিশেষ কৈ কাউলী,নবিনগাঁও,নাৰায়নপুৰ আদি অঞ্চলত সন্ধিয়া হলেই জাকে জাকে বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত প্ৰৱেশ কৰে

ওৰে নিশা পথাৰত ধান খাই পুৱতি নিশা পুনৰ উভতি যায়। সম্প্ৰতি বনৰীয়া হাতীয়ে আতংকিত কৰি তুলিছে গাঁওবাসীক ।

বন বিভাগৰ লোকে হাতীৰ জাক যদিও খেদি পঠিয়াই তথাপি খাদ্যৰ সন্ধানত পুনৰ ঢাপলি মেলে গাওঁলৈ#

ইতিমধ্যে বনবিভাগে মৃতদেহটো মৰোণত্বৰ পৰীক্ষাৰ বাবে মুছলপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *