Spread the love

তামুলপুৰত বন বিভাগ,এছ এছ বি আৰু আৰক্ষীৰ যৌথ অভিযানত জব্দ অবৈধ কাঠফলা মেচিন সহ বহু মূল্যবান গছৰ কুণ্ডা।

 

 

আজি তামুলপুৰ জিলাৰ দুটাকৈ স্থানত বন বিভাগ,এছ এছ বি আৰু আৰক্ষীয়ে যৌথ অভিযান চলাই দুটাকৈ বৃহৎ আকাৰৰ অবৈধ কাঠফলা মিল সহ বহু মূল্যবান গছৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয়। বগামাটিস্থিত ২৪ নং বাহিনী এছ এছ বি আৰু বন বিভাগৰ লোকে প্ৰথমটো অভিযান চলাই তামুলপুৰ জিলাৰ লতিবাৰীৰ অহিয়াবাৰী গাঁওত। ইয়াৰ পিছতে তামুলপুৰ আৰক্ষী আৰু অবৈতনিক চক্ৰ সংগঠকৰ সহযোগত বন বিভাগৰ লোকে দ্বিতীয়টো অভিযান তামুলপুৰ জিলাৰ গুৱালবিল গাঁওত আৰম্ভ কৰে। কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া বীৰেন্দ্ৰ নাথ বড়োৰ নেতৃত্বত চলা দুয়োটা অভিযানত দুটাকৈ বৃহৎ আকাৰৰ কাঠফলা মেচিন সহ জব্দ কৰিবলৈ সক্ষম হয় বহু মূল্যবান গছ গছনিৰ কুণ্ডা। জব্দকৃত কুণ্ডা আৰু মেচিন সমূহৰ মূল্য প্ৰায় ৬ লক্ষাধিক টকাৰ হব বুলি জানিবলৈ দিছে বন বিভাগৰ লোকে। তামুলপুৰৰ গুৱালবিলত চলা দ্বিতীয়টো অভিযান কালত অবৈতনিক চক্ৰ সংগঠকৰ দিলীপ দাস, তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকা,ডি এছ পি বাবুকন মৰাংৰ লগতে আৰক্ষীৰ এটি সজাতি দল উপস্থিত থাকে। বাতৰি লিখা পৰলৈকে জব্দকৃত কাঠফলা মেচিন আৰু কুণ্ডা সমূহ কুমাৰীকাটা বন বিভাগৰ কাৰ্যালয়ত লৈ যায়। উল্লেখ যে, প্ৰশাসনৰ চকুত ধূলি দি গোপনে চলাই যোৱা এনেধৰণৰ অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে পৰৱৰ্তী সময়তো অভিযান অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে বন বিভাগৰ লোকে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *

You missed