Spread the love

তামুলপুৰত বাকসা জিলা আদিবাসী ছাত্ৰ সন্থাৰ সংবাদ মেল।

 

যোৱা ৩০ এপ্ৰিলত কোকৰাঝাৰত অসমৰ এটি আগশাৰীৰ চেটেলাইট চেনেলৰ নিৰ্বাচনকেন্দ্ৰিক অনুষ্ঠান ৰণশিঙাত আদিবাসী ছাত্ৰ সংগঠনৰ নেতা কৰ্মীক ইউপিপিএলৰ  নেতা কৰ্মী সকলে আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি আজি তামুলপুৰত আদিবাসী ছাত্ৰ সংগঠন “আছা”ই এক সংবাদমেল সম্বোধন কৰে।

সংবাদমেল যোগে তেওঁলোকে উল্লেখ কৰে যে–

কোকৰাঝাৰত NEWS18 ৰ ৰণশিঙা নামৰ ৰাজনৈতিক অনুষ্ঠানটোত বিভিন্ন ছাত্ৰ সংগঠনৰ লগতে আছাৰ বিষয়ববীয়াসকলক আমন্ত্ৰণ জনোৱা হৈছিল।

 

উক্ত অনুষ্ঠানত আছাৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা ষ্টিফেন লাকৰা উপস্থিত আছিল।

 

অনুষ্ঠানত আছাৰ নেতা ষ্টিফেন লাকৰাই আদিবাসী জনগোষ্ঠীৰ হৈ কেতবোৰ জলন্ত সমস্যাৰ লগতে আছাৰ প্ৰয়াত সভাপতি বস্কো চেৰমাকোক কৰা হত্যাকাণ্ডৰ কথা উল্লেখ কৰি হত্যাকাৰী ইউপিপিএল দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই থকা বুলি অভিযোগ উত্থাপন কৰাৰ পিছতেই একাংশ ইউপিপিএল নেতা কৰ্মীয়ে খৰ্গহস্ত হৈ আছাৰ কেন্দ্ৰীয় নেতা ষ্টিফেন লাকৰাক আক্ৰমণ কৰে।

 

উক্ত আক্ৰমণক আছাই তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে চৰকাৰ প্ৰশাসনক দোষীক কৰায়ত্ব কৰি উচিত শাস্তি বিহিবলৈ দাবী উত্থাপন কৰে।

 

এইক্ষেত্ৰত আগন্তুক নিৰ্বাচনত আছাই কোনোৱা ৰাজনৈতিক দলক সমৰ্থন জনাব নেকি বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁলোকে কয় যে– নিৰ্বাচনত ৰাইজে বিবেক ভোট প্ৰদান কৰক। আমি কোনো দলক ভোট দিবলৈ নকওঁ।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *