Spread the love

তামুলপুৰত বান পৰ্যালোচনা সভা

তামুলপুৰ, ১০ মে’, ২০২৪ :

 

নৱগঠিত তামুলপুৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি বান সম্পৰ্কীয় এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাখনত এটি দলসহ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ যুটীয়া সচিব সত্যজিৎ চেতিয়া, এচিএছ উপস্থিত থাকে। সভাখনত পৌৰোহিত্য কৰে তামুলপুৰ জিলাৰ জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, এচিএছে। তেখেতে বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলক বান পৰিস্থিতি সম্পৰ্কত সতৰ্ক হৈ থাকি ৰাইজক সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। জিলা আয়ুক্তগৰাকীয়ে কয়, “দুৰ্যোগ কেতিয়া আহে, ধৰিব নোৱাৰি। গতিকে আমি সকলোৱে সজাগ হৈ থাকি নিজৰ দায়িত্ব সুচাৰুভাৱে পালন কৰিব লাগিব।” তেখেতে বিশেষকৈ শিশু খাদ্যৰ লগতে গৰ্ভৱতী মহিলাৰ সুৰক্ষা, বিশুদ্ধ খোৱাপানী, বিদ্যুতৰ বিপৰীতে পোহৰৰ ব্যৱস্থা, ৰাস্তা-ঘাটৰ মেৰামতি, ঔষধ-পাতি আদি সন্দৰ্ভত বিশেষ গুৰুত্ব আৰোপ কৰে। বানপানীৰ সময়ত পশুধনৰো বিস্তৰ ক্ষতি হয়, তাৰ প্ৰতি লক্ষ্য পশু চিকিৎসা বিষয়াগৰাকীকো সস্তম হৈ থাকিবলৈ তেখেতে পৰামৰ্শ আগবঢ়ায়। ইয়াৰ সমান্তৰালভাৱে কৃষি, স্বাস্থ্য, সমাজকল্যাণ, জলসম্পদ, জলসিঞ্চন, যোগান আদি বিভাগক তেখেতে বিশেষ নজৰ ৰাখিবলৈ পৰামৰ্শ দিয়ে। জিলাখনৰ বিভিন্ন অঞ্চলত পৰ্যাপ্ত পৰিমাণে নাৱৰ ব্যৱস্থা কৰিবলৈও সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে জিলা আয়ুক্তগৰাকীয়ে। আজিৰ সভাখনত উপস্থিত থাকি যুটীয়া সচিব সত্যজিৎ চেতিয়াই কয়, “দুৰ্যোগ প্ৰশমন বিভাগে ৰাইজক সহায় কৰাটো তেওঁলোকৰ দায়িত্ব। তেওঁলোকে দুৰ্যোগত পৰা মানুহক জীৱন দান কৰিব পাৰে। গতিকে এনে এটা পৱিত্ৰ কৰ্তব্য পালন কৰাৰ ক্ষেত্ৰত আমি কোনেও অৱহেলা কৰিব নালাগিব।” যুটীয়া সচিবগৰাকীয়ে প্ৰতিটো বিভাগৰ বিষয়াসকলৰ সৈতে বিভিন্ন সুবিধা-অসুবিধাক লৈ মতবিনিময় কৰে আৰু সভাৰ শেষত বিষয়া-কৰ্মচাৰীসকলৰ সৈতে ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰিবলৈ ওলাই যায়। আজিৰ সভাত উপ-আৰক্ষী অধীক্ষক মণ্টুৰাম বৰা, অতিৰিক্ত আয়ুক্তদ্বয় ডঃ দীপাংকৰ নাথ আৰু হিমাশ্ৰী খনিকৰ, তামুলপুৰ আৰু গোৰেশ্বৰৰ ৰাজহ চক্ৰ বিষয়া এলিমা কানডুলনা আৰু মানসজ্যোতি বৰাকে ধৰি জনস্বাস্থ্য কাৰিকৰী, কৃষি, যোগান, স্বাস্থ্য, মীন, জলসিঞ্চন, জলসম্পদ, লোকনিৰ্মাণ আদি বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে বুলি তামুলপুৰৰ তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই জনাইছে। উল্লেখ্য যে জিলাখনত বান সৃষ্টি কৰিব পৰা প্ৰধান নদীকেইখন হৈছে— পাগলাদিয়া, পুঠিমাৰী, শুক্লাই, মটঙা আৰু বাল্টি।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *