Spread the love

তামুলপুৰত বিহুৰ সাংস্কৃতিক সন্ধিয়া উদ্ধোধন বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভানেত্ৰী আদৰ্শ মাতৃ মৃনালিণী দেৱীৰ।

 

কালি নিশা তামুলপুৰৰ অময়াপুৰ তৰুণ সংঘৰ অষ্টাদশ ‘বিদায় বসন্তৰ’ সাংস্কৃতিক সন্ধিয়া উদ্ধোধন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভানেত্ৰী তথা বিশিষ্ট সমাজকৰ্মী আদৰ্শ মাতৃ মৃণালিনী দেৱীয়ে৷ বিশিষ্ট সাহিত্যক, কবি, অনুবাদক সহস্ৰ গীতিমালিকাৰ ৰচক, বিশিষ্ট অনুবাদক প্ৰয়াত কৈলাশ নাথ শৰ্মাৰ ‘ বহাগৰ ৰূপ চন্দ আৰু অতীত’ শীৰ্ষক কবিতা আবৃত্তিৰে

বিহু কেনেকৈ পাতিব লাগে বিহু কেনকুৱা হ’ব লাগে বিহুৰ তাৎপৰ্য, বিহুৰ ঐতিহ্য আৰু স্বকীয়তা , বিহু আৰু প্ৰকৃতিৰ সম্পৰ্ৰ তথা সাম্প্ৰতিক সময়ৰ বিহুৰ অপভ্ৰংশ সম্পৰ্কে ত্বতগধূৰ বিশ্লেষণেৰে উপস্থিত শ শ লোকক মন্ত্ৰ মুগ্ধ কৰি তোলে সাহিত্যক গৰাকীয়ে ৷

 

বিহু আৰু প্ৰকৃতিৰ সম্পৰ্কৰ কথা উল্লেখ কৰি বিশিষ্ট সাহিত্যক তথা আদৰ্শ মাতৃ গৰাকীয়ে শেহতীয়াকৈ বতৰৰ পৰিবৰ্তনৰ ফলত হোৱা তীব্ৰ খৰাং সম্পৰ্কত নিজৰ বক্তব্যত কয়, মানুহে প্ৰকৃতিক সেৱা কৰক, প্ৰকৃতিৰ পূঁজা পাতক, চৰকাৰে আহ্বান জনোৱাৰ দৰে দহ হেজাৰ কৌটি গছ পূলি ৰোপন কৰক ৷

প্ৰকৃতিক মানুহে ধ্বংস কৰিছে কিন্তু প্ৰকৃতিক উজ্জীৱিত কৰিব পৰা নাই৷ প্ৰকৃতি নহলে মানুহ কেনেকৈ চলিব৷ সাংস্কৃতিক সন্ধিয়াৰ পূৰ্বে বিশিষ্ট সাহিত্যিক গৰাকী ঢোলে দগৰে বিদায় বসন্ত উদযাপন সমিতিয়ে মঞ্চলৈ আদৰি নিয়াৰ লগতে বিহুৱান, চেলেং চাদৰ, ফূলাম জাপি আৰু এখনি মানপত্ৰৰে বিপূল ভাৱে সম্বৰ্ধনা জনায় ৷


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *