Spread the love

তামুলপুৰত মঙলবাৰে নিশা আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ আটক এগৰাকী যুৱক।

 

তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত জিলা সদৰস্থিত বাৰেইগাৱঁৰ মটঙাপাৰৰ পাৰ্কৰ সমিপত ড্ৰাগছ সহ এজন যুৱক আটক। আটকাধীন যুৱক জনৰ নাম পৰমানন্দ বড়ো (২৭)।

 

এক গোপন সূত্ৰৰ পমখেদি তামুলপুৰ জিলাৰ নিৰাপত্তাৰ উপ আৰক্ষী অধীক্ষক মন্টুৰাম বৰাৰ নেতৃত্বত তামুলপুৰৰ এটি বৃহত আৰক্ষীৰ দলে ভাড়াতীয়া হিচাপে থকা পৰামানন্দ বড়োক ড্ৰাগছ সহ আটক কৰিবলৈ সক্ষম হয়। জব্দকৃত ড্ৰাগছৰ মুল্য প্ৰায় আশি হাজাৰ টকা হব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে।

 

আটকাধীন যুৱক জনৰ পৰা ড্ৰাগছ সহ দুটা মবাইল ফোন, ভোটাৰ ID, পান কাৰ্ড আৰু নগদ ৬০০০ টকা জব্দ কৰে আৰক্ষীয়ে।

নিজকে জে চি পিৰ চালক বুলি এটা পৰিয়ালত আজি তিনিদিন আগতে ভাড়াতীয়া হিচাপে আছিল যুৱক জন। যুৱক জনৰ ঘৰ নলৱাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ আল্লিয়াৰ পূৱ বৰশিৰালত। যুৱকজনৰ ভাড়াতীয়া ঘৰৰ পৰ ৮৬ টা ড্ৰাগছৰ কন্টেইনাৰ সহ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। যুৱক জনে আৰক্ষীৰ আগত ১০০ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ অনা বুলি সদৰি কৰে। বৰ্তমান ৮৬ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সহ লোকজনত আটক কৰে আৰক্ষীয়ে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *