Spread the love

তামুলপুৰত শিক্ষানুষ্ঠানত চুৰি ।
===============================
25 অক্টোবৰ :– তামুলপুৰ জিলা সদৰ স্থিত ডিমিলাপাৰ শালমাৰা মধ্য ইংৰাজী বিদ্যালয়ত যোৱা নিশা চোৰে চাফাই অভিযান চলাই প্ৰায় ৫০ হাজাৰ টকাৰ সামগ্ৰীৰ চুৰি কৰি নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিষয়ে বিদ্যালয় খনৰ প্ৰধান শিক্ষক দিগন্ত দাসে জনোৱা মতে যোৱা নিশা শালমাৰা মধ্য ইংৰাজী বিদ্যালয় খনত নিশা চুৰে বিদ্যালয়ৰ ৰান্ধনিগৃহৰ দুৱাৰৰ তলা ভাঙি মধ্যাহ্ন ভোজন প্ৰস্তুত কৰা দুটা ঠালি , চচমেন , গামলাৰ উপৰিও , বিদ্যালয়ৰ বাবে অনা বুজন পৰিমানৰ টিনপাতো চূৰে চূৰি কৰি লৈ যায় ৷ আজি পুৱাৰ ভাগত ছাত্ৰ ছাত্ৰী সকলে বিদ্যালয়লৈ অহাত চুৰি কাণ্ডৰ ঘটনা পোহৰলৈ আহে ৷ বিদ্যালয় খনৰ প্ৰধান শিক্ষক গৰাকীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত তামুলপুৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। জানিবপৰা মতে ইয়াৰ পূৰ্বেও বিদ্যালয়খনৰ পৰা বিভিন্ন সামগ্ৰী চুৰি হৈছিল। বিদ্যালয় খনৰ প্ৰধান শিক্ষক দিগন্ত দাসে জনোৱামতে বিদ্যালয় খনৰ চাৰিওফালৰ বাওন্দাৰী উৱালৰ ব্যৱস্থা নথকাৰ বাবে বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে । নিশা হলেই কিছুমান উদণ্ড যুৱকে বিদ্যালয় এখনৰ চৌহদত ড্ৰাগছ , মদ আদি খাই চৌহদটো লেতেৰা কৰি থয় । সেয়েহে এনেধৰণৰ কাণ্ড যাতে বিদ্যালয়ৰ চৌহদত সংঘটিত নহ তাৰবাবে ৰাইজকো সজাগ হবলৈ প্ৰধান শিক্ষক গৰাকীয়ে আহৱান জনায় ।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *