Spread the love

তামুলপুৰত ষষ্ঠ’ বার্ষিক ৰাভা বায়ছাক বিছুৱা উদ্যাপনব প্ৰস্তুতি।

তামুলপুৰঃ২৪এপ্ৰিলঃ

নিখিল ৰাভা ছাত্র সন্থা, তামুলপুৰ জিলা আৰু আঞ্চলিক সমিতিৰ উদ্যোগত আৰু আৰু ঘোগমাৰী গাঁৱ বাসী ৰ সহযোগত এই বেলি ষষ্ঠ বার্ষিক ৰাভা জনগোষ্ঠীৰ “বায়ছাক্ বিছুৱা” উৎসৱ টি ঘোগমাৰী ৰাভা চুবুৰীৰ গোপাল মন্দিৰৰ খেলপথাৰত অহা ২২ বহাগ (৫মে, ২০২৪) এদিনীয়া বর্ণাঢ্য কার্যসূচীৰে উদযাপন কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে। ইতিমধ্যে ৰাভা জনগোষ্ঠীৰ বায়ছাক বিছুৱা উদযাপনৰ কাৰনে সৰঞ্জন ৰাভাক সভাপতি, দ্বীপেন ৰাভা আৰু খগেন ৰাভাক যুটীয়া সম্পাদকৰ দায়িত্ব দি এখন উদযাপন সমিতি গঠন কৰা হৈছে বুলি তামুলপুৰ জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি পূৰ্ণ সিং ৰাভা সম্পাদক ভদ্ৰেশ্বৰ ৰাভা আঞ্চলিক সমিতিৰ সভাপতি ৰাজু ৰাভা আৰু ৰাহুল ৰাভা হাকাচামে জনাইছে ৷


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *

You missed