Spread the love

তামুলপুৰত সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাকে ধৰি কেইবাটাও জাতীয় সংগঠনৰ আহ্বানত গুৰুত্বপূৰ্ণ বিশেষ সাধাৰণ সভাঃ

তামুলপুৰ,২৬ মে’ :

সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থা,শৰণীয়া কছাৰী গণতান্ত্ৰিক নাৰী মঞ্চ,শৰণীয়া কছাৰী সন্মীলনী অসম আৰু শৰণীয়া কছাৰী সাহিত্য সভা অসমৰ যৌথ আহ্বানত সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ তামুলপুৰস্থ মুখ্য কাৰ্যালয়ত আজি শৰণীয়া কছাৰী জনগোষ্ঠীটোৰ নাগৰিক সকলক লগত লৈ এখন বিশেষ সাধাৰণ সভা অনুষ্ঠিত হয়৷ সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সভাপতি প্ৰবীণ ডেকা শৰণীয়াৰ সভাপতিত্বত অনুষ্ঠিত বিশেষ সাধাৰণ সভাখনৰ উদ্দেশ্যে ব্যাখ্যা কৰে সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দ্বীপজ্যোতি শৰণীয়াই ৷ সভাত জনগোষ্ঠীটোৱে সন্মুখীন হৈ অহা জনজাতীয় প্ৰমাণ পত্ৰকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰি বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ বিশেষ সাধাৰণ সভাখনত শৰণীয়া কছাৰী সাহিত্য সভা,অসমৰ সভাপতি সোণবৰ বৰুৱা, সাধাৰণ সম্পাদক লোহিত চন্দ্ৰ দাস, শৰণীয়া কছাৰী গণতান্ত্ৰিক নাৰী মঞ্চৰ সভানেত্ৰী প্ৰমিলা দাস , ৰেচম বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক হৰকান্ত হাজৰিকা শৰণীয়া কছাৰী সন্মিলনী, অসমৰ সভাপতি মহেশ্বৰ শইকীয়া,সাধাৰণ সম্পাদক তৰুণ দাসকে ধৰি বহুসংখ্যক বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকি ভাষণ প্ৰদান কৰে


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *