Spread the love

তামুলপুৰত সাংসদ নৱ কুমাৰ শৰণীয়াৰ ঘোষণা— তৃতীয় বাৰৰ বাবে কোকৰাঝাৰৰ সাংসদ হ’ব নৱ কুমাৰ শৰণীয়া

 

 

আজি তামুলপুৰত উপস্থিত হৈ কোকৰাঝাৰৰ সাংসদ নৱ কুমৰ শৰণীয়াই কয় যে তৃতীয় বাৰৰ বাবে তেওঁ কোকৰাঝাৰৰ সাংসদ হ’বলৈ গৈ আছে৷

সাংবাদিকৰ সতে হোৱা বাৰ্তালাপত কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই কয় কোকৰাঝাৰ সমষ্টিত নৱ কুমাৰ শৰণীয়াৰ ভোট ইফাল-সিফাল নহয়৷ তেওঁ কয় কিছু সন্দেহৰ অৱকাশ আছিল যদিও সেয়া দূৰ কৰা হৈছে ৷ যিহেতু কোকোৰাঝাৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী নাথাকে সেই ভোট নৱ কুমাৰ শৰণীয়াৰ তাতেই পৰিব বুলিও তেওঁ দাবী কৰে৷ কোকৰাঝাৰত তেওঁৰ সতে কাৰ যুঁজ হ’ব ? সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত সাংসদ গৰাকীৰ পোনপটীয়া উত্তৰ তেওঁৰ সতে যুঁজ হ’ব বিজেপি,ইউপিপিএল সমৰ্থিত

প্ৰাৰ্থী আৰু বিপিএফৰ প্ৰাৰ্থীৰ সতে ৷ অৱশ্যে তেওঁলোক যদি তিনিটা মিলি এটাও হয় তথাপি নৱ কুমাৰ শৰণীয়াৰে জয় নিশ্চিত বুলি তেওঁ দাবী কৰে ৷

সাংবাদিকৰে হোৱা বাৰ্তালাপত তেওঁ কয়

নৱ কুমাৰ শৰণীয়া সাংসদ হোৱাৰ পৰা বিটিচিত শান্তি ঘূৰি আহিছে৷ ঠিক তেনেকৈ ধন দাবী,কমিছনৰাজ বন্ধ হৈছে ৷মাটিবাৰীৰ কথাটো ৰাজনৈতিক বিষয় ৷

বিটিচিৰ ভূমি নীতি সম্পৰ্কতো বহু গুৰুত্ব পূৰ্ণ মন্তব্য কৰে সাংসদ গৰাকীয়ে৷ তেওঁ কয় ২০০৩ চনৰ বিটিচি চুক্তি মতে ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত হোৱাৰ পিছত যিসকল লোক পিছত আহিছে তেওঁলোকে বিটিচিত ভূমিৰ অধিকাৰ নাপায় ,আগত অহা সকল পাব৷ কিন্তু বিটিচি কৰ্তৃপক্ষৰ কথা হ’ল যিহেতু ইয়াত আগতে জনজাতি আবেষ্টনী আছিল সেয়ে অজনজাতি সকলৰ কোনেও ভূমিৰ অধিকাৰ নাপায় ৷ সেই কাৰণে বিটিচিত নতুন ভূমি নীতিৰ প্ৰয়োজনীয়তাৰ কথা তেওঁ দাবী কৰে ৷ বিগত নিৰ্বাচনৰ সময়ত চৰকাৰে অকল বিটিচিতে নহয় কাৰ্বিআংলঙতো ভূমি পট্টা দিব বুলি আশ্বাস দিছিল যদিও তেওঁলোকে আজিলৈকে ভূমি পট্টা দিব পৰা নাই আৰু নোৱাৰে বুলিও দাবী কৰে৷ নৱ কুমাৰ শৰণীয়াৰ জনজাতিৰ প্ৰমাণ পত্ৰ ৰোধ সম্পৰ্কত তেওঁৰ স্পষ্ট ঘোষণা

নৱ কুমাৰ শৰণীয়া পূৰ্বেও জনজাতি আছিল বৰ্তমানো আছে আৰু ভৱিষ্যতো জনজাতি হৈয়ে থাকিব৷ কোনো ষড়যন্ত্ৰই তেওঁক নিৰ্বাচন খেলাৰ পৰা বিৰত ৰাখিব নোৱাৰে বুলি তেওঁ দাবী কৰে ৷ তেওঁৰ সদম্ভ ঘোষণা

নৱ কুমাৰ শৰণীয়াই এইবাৰো নিৰ্বাচনত নমিনেচন দিব, একচেপ্ট হ’ব আৰু তৃতীয় বাৰৰ বাবে কোকৰাঝাৰ সমষ্টিৰ সাংসদ হ’ব৷ কোনো ষড়যন্ত্ৰই তেওঁক বাধা দিব নোৱাৰে বুলি তেওঁ দাবী কৰে৷

আগন্তুক লোকসভা নিৰ্বাচনত তেওঁৰ দলে কত কত প্ৰাৰ্থী থিয় কৰাব এই প্ৰশ্নৰ উত্তৰত তেওঁ কয় কোকোৰাঝাৰ,দৰং ওডালগুৰি আৰু ডিফুত জিএছপিয়ে প্ৰাৰ্থী দিব৷ অকল সেয়াই নহয় অৰুণাচল,মেঘালয়,কোচবিহাৰ,দাৰ্জিলিঙকে ধৰি দেশৰ পঞ্চাশ টাতকৈ অধিক সমষ্টিত প্ৰতিদ্বন্দ্ব্বিতাৰ বাবে প্ৰস্তুতিৰ কথা সাংসদ গৰাকীয়ে জানিবলৈ দিয়ে ৷ আজি সাংসদ নৱ কুমাৰ শৰণীয়াক সংগ দিয়ে বিটিচিৰ প্ৰাক্তন এমচিএলএ বনমালী ৰাভাৰ লগতে কেবাজনো জিএছপি দলৰ সদস্যই ৷


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *