Spread the love

তামুলপুৰৰ কনফিডেন্স একাডেমি নামৰ শিক্ষানুষ্ঠানখনৰ নতুন দিগন্তৰ সূচনা।

 

শিক্ষানুষ্ঠানখনৰ পৰা কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীৰ JEE পৰীক্ষাত সফলতা অৰ্জন।

 

তামুলপুৰ ২৭ এপ্ৰিলঃ

তামুলপুৰ জিলা সদৰৰ বাৰেইগাওঁস্থিত কনফিডেন্স একাডেমী নামৰ শিক্ষানুষ্ঠানখনে অঞ্চলটোত শিক্ষাৰ ক্ষেত্ৰত এক আলোড়নৰ সৃষ্টি কৰি নতুন দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হৈছে। ২০১৮ চনতে স্থাপন হোৱা শিক্ষানুষ্ঠানখনত বিজ্ঞান শাখা আৰু কলা শাখাত অসমীয়া, বড়ো আৰু ইংৰাজী মাধ্যমত পাঠদানৰ সু-ব্যৱস্থা আছে। অভিজ্ঞতাপুষ্ট শিক্ষক শিক্ষয়িত্ৰীৰ পাঠদানেৰে পৰিচালিত উক্ত শিক্ষানুষ্ঠানখনে বিগত JEE পৰীক্ষাত এশ শতাংশই সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ লগতে বিশাল চক্ৰৱৰ্তী 97.45, অঞ্চাই বসুমতাৰী 72.3 আৰু অংকুৰ শৰণীয়া নামৰ ছাত্ৰ গৰাকীয়ে 63 শতাংশৰে JEE পৰীক্ষাত সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। শিক্ষানুষ্ঠানখনত কলা, বিজ্ঞান শাখাৰ উপৰিও JEE, NEET, APSC, UPSC আদিৰ কোচিংৰ লগতে হোষ্টেলৰ সু ব্যৱস্থাও উপলব্ধ আছে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *

You missed