Spread the love

তামুলপুৰৰ কুমাৰীকাটাত ১৪টা জাতীয় ছাত্ৰ সংগঠনৰ একেলগে ৰঙালী বিহু উদযাপন।

 

সপ্তদশ সংখ্যক উক্ত ৰঙালী বিহুৰ কাৰ্যসূচীত বিটিআৰ প্ৰধান প্ৰমোদ বড়োকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

 

তামুলপুৰ জিলাৰ অন্তৰ্গত কুমাৰীকাটাৰ বেলখুটিত দেওঁবাৰে পহিলা বহাগৰ দিনাই ১৪ টাকৈ জাতীয় ছাত্ৰ সংগঠনে সমন্বয়ৰ বাৰ্তা কঢ়িয়াই একেলগে ৰঙালী বিহু উদযাপন কৰে। আছু, AJYCP, এবছু, আৰছু, গৰীয়া মৰিয়া, বেংগলী ফেডাৰেচন, চাহ জনজাতি, বৰ্মণ কছাৰী, চানতাল ছাত্ৰ সন্থা, কোঁচ ৰাজবংশী, হাজং, আদিবাসী আৰু গোৰ্খা ছাত্ৰ সন্থাই একেলগে উমৈহতিয়াকৈ এইবাৰ সপ্তদশ ৰঙালী বিহু আৰু নৱবৰ্ষৰ আদৰণি উৎসৱ উদযাপন কৰে। আজিৰ এই কাৰ্যসূচীত বিহুৰ লগতে প্ৰায় ১৪ টা জনগোষ্ঠীয় দলে নিজৰ নিজৰ কৃষ্টি প্ৰদৰ্শন কৰে। উক্ত কাৰ্যসূচীত বিটিআৰৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়ো, তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী, বিটিআৰৰ এমচিএলএ বিজিৎ গৌৰা নাৰ্জাৰীকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত হৈ সমন্বয়ৰ বাৰ্তাবাহক এই ১৪ টা জাতীয় সংগঠনৰ অনুষ্ঠানসমূহ উপভোগ কৰে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *