Spread the love

তামুলপুৰৰ গান্ধীবাৰীত মথাউৰি নিৰ্মাণত ব্যাপক অনিয়মঃ

 

তামুলপুৰ, ২২ ফেব্ৰুৱাৰীঃ

 

তামুলপুৰ জিলাৰ অন্তৰ্গত গান্ধীবাৰীত নৱ নিৰ্মিত এটা মথাউৰিৰ কাম কাজত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে। দক্ষিণ গান্ধীবাৰীৰ পৰা উত্তৰ গান্ধীবাৰীৰ মাহবাৰী প্ৰাথমিক বিদ্যালয়লৈ নিৰ্মাণ কাৰ্য্য আৰম্ভ হোৱা ১৭০০ মিটাৰ জোৰা মথাউৰি নিৰ্মাণৰ কামত এই অনিয়মৰ অভিযোগ ৰাইজৰ। উল্লেখ্য যে– তামুলপুৰ জিলাৰ গান্ধীবাৰীৰ বৃহত্তৰ অঞ্চলটোৰ ৰাইজে বছৰ বছৰ ধৰি বানপানীৰ কবলত পৰি জীয়াতু ভুগি আহিছে। এইক্ষেত্ৰত অঞ্চলটোৰ ৰাইজ লগ লাগি চৰকাৰ প্ৰশাসনক কেইবাখনো দৰ্খাস্ত দিয়াৰ লগতে বহু অনুনয় বিনয় কৰাৰ পিছত এইবাৰ বানপানীৰ সমস্যা সমাধানৰ বাবে অসম চৰকাৰৰ এক অভিলাসী আঁচনিৰ অধীনত এটা ডাঙৰ মথাউৰি নিৰ্মাণৰ কাম আবন্টন কৰিছিল। কিন্তু উক্ত মথাউৰি নিৰ্মাণৰ কাম কাজৰ ক্ষেত্ৰত আৰম্ভণিৰে পৰা ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰি অঞ্চলটোৰ ৰাইজে কয় যে– চৰকাৰৰ অভিলাসী আঁচনিৰ অধীনত উক্ত মথাউৰি নিৰ্মাণৰ কাম আবন্টন হৈছিল যদিও কেবল মাত্ৰ বালিৰে নিৰ্মাণ কাৰ্য্য চলাই গৈছে। ঘটনা সন্দৰ্ভত মথাউৰি নিৰ্মাণৰ কৰ্মৰত বিভাগীয় ঠিকাদাৰ কৰ্মচাৰীক অঞ্চলবাসীয়ে বালিৰে মথাউৰি নিৰ্মাণৰ কাম বন্ধ কৰিবলৈ অনুৰোধ কৰাত তেওঁলোক বিভিন্ন ভাবুকিৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰি মথাউৰি নিৰ্মাণত বালিৰ পৰিবৰ্তে উন্নত মানদণ্ডৰ মাটিৰে নিৰ্মাণ কৰিবলৈ দাবী উত্থাপন কৰাৰ লগতে বালিৰে নিৰ্মাণ কাৰ্য্য কৰিলে কাম বন্ধ কৰি দিয়া হ’ব বুলি হুংকাৰ প্ৰদান কৰে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *