Spread the love

 

তামুলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৰ পূব গুৱাবাৰীত পুনৰ বন্য হস্তীৰ আক্ৰমণত লণ্ড ভণ্ড দুটাকৈ চৰকাৰী বাসগৃহ। কথামপী প্ৰাণ ৰক্ষা অঞ্চলটোৰ কৃষ্ণ মায়া ভণ্ডাৰী, আৰু নৰ বাহাদুৰ ভাণ্ডাৰী নামৰ লোক দুগৰাকীৰ পৰিয়ালৰ লোকৰ।

 

নিৰ্বাচনী ব্যস্ততাৰ মাজতো ঘটনাস্থলীত গৃহহাৰা পৰিয়াল দুটাত উপস্থিত হৈ বুজ ললে BTR ৰ কাৰ্যবাহী সদস্য ধৰ্ম নাৰায়ণ দাসে।

 

নিৰ্বাচনৰ পিছতে বিভাগীয় প্ৰক্ৰিয়াৰ দ্বাৰা পুনৰ পৰিয়াল দুটাত চৰকাৰী ঘৰ আবন্টন দিয়াৰ আশ্বাস কাৰ্যবাহী সদস্য ধৰ্ম নাৰায়ণ দাসৰ।

 

 

আনহাতে ঘটনাস্থলীত হৈ ইতিমধ্যে বুজ লৈছে কুমাৰীকাটা বন বিভাগৰ লগতে বগৰিখুটি বন শিবিৰৰ লোক,স্থানীয় NGO গুৱাবাৰী চয়পত্ৰী ফাউণ্ডেচন,ভিচিডিচিৰ অধ্যক্ষ নিতাই ভৌমিক সহ বিজেপিৰ ৰাম বস্তুলাও।

 

 

হাতীৰ আক্ৰমণত বাসগৃহ দুটাৰ লগতে ভিতৰত থকা সা-সামগ্ৰীৰ বিস্তৰ ক্ষতিসাধন।খাই তহিলং কৰিছে ভঁৰালৰ ধান চাউল।

 

অতি স্পৰ্শকাতৰ এই অঞ্চলটোত ইয়াৰ পূৰ্বেও হাতীৰ আক্ৰমণত প্ৰাণ গৈছে কেইবাজনো লোকৰ।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *

You missed