Spread the love

তামুলপুৰৰ ডিমিলাপাৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত ৫৭৫ সংখ্যক শ্ৰী শ্ৰী গোপাল আৰু বাঘেশ্বৰী থানৰ সবাহ মহোৎসৱৰ সফল সামৰণি—-

 

কুৰি সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত মিলন তীৰ্থত পৰিণত হ’ল শ্ৰী শ্ৰী গোপাল আৰু বাঘেশ্বৰী থানৰ সবাহ মহোৎসৱ

 

 

দৈনন্দিন বাৰ্তাৰ সেৱা,তামুলপুৰ ২৮ এপ্ৰিলঃ

 

 

সৰ্ব বিঘ্ননাশক আৰু সৰ্ব মনোস্কামনা পূৰ্তি থান ৰূপে পৰিচিত তামুলপুৰ জিলাৰ অতিকৈ প্ৰাচীন আৰু ইতিমধ্যেই ৫৭৫ বছৰত ভৰি দিয়া ডিমিলাপাৰৰ শ্ৰী শ্ৰী গোপাল আৰু বাঘেশ্বৰী থানৰ সবাহ মহোৎসৱ সাংস্কৃতিক সন্ধিয়াৰে শুকুৰবাৰে নিশা সফল সামৰণি পৰে৷ ৷ জ্যেষ্ঠ সাংবাদিক ৰজনী বৰ্মনে আঁতধৰা আৰু তামুলপুৰৰ বিশিষ্ট সমাজকৰ্মী দয়াল দাসে উদ্বোধন কৰা সাংস্কৃতিক সন্ধিয়াত অংশগ্ৰহণ কৰি নৱ প্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী বিৰাজ মছাহাৰীয়ে দুপৰ নিশালৈ শ্ৰোতা দৰ্শকক মন্ত্ৰ মুগ্ধ কৰাৰ লগতে টুপুলীয়াৰ নৱ কল্লোল বিহুৱা দল আৰু স্থানীয় মহিলা সকলে শৰণীয়া কছাৰীসকলৰ জনপ্ৰিয় মাছমৰীয়া নৃত্য পৰিবেশন কৰি সাংস্কৃতিক সন্ধিয়াখনক অনন্য মাত্ৰা প্ৰদান কৰে ৷

ইয়াৰ পূৰ্বে আজি দুপৰীয়াৰ ভাগত নাগাৰা নাম, আয়তীৰ নাম হোম যজ্ঞ আৰু বাঁহ গোসাঁইৰ মন্দিৰ পৰিভ্ৰমণ অনুষ্ঠান সমাপন কৰা হয় ৷ কেবা সহস্ৰাধিক ভক্তৰ অংশগ্ৰহণেৰে বাঁহ গোসাঁইৰ মন্দিৰ পৰিভ্ৰমণ দৃষ্টি নন্দন আছিল৷ ২৬ এপ্ৰিলৰ সকলো কাৰ্যসূচীতে সমগ্ৰ তামুলপুৰ অঞ্চলৰ লগতে গুৱাহাটী,ৰঙিয়া নলবাৰী,তেজপুৰ,বঙাইগাঁও, বাক্সা আদি দূৰদূৰণিৰ বিভিন্ন জনগোষ্ঠীৰ সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিয়ে উৎসৱ স্থলী এক মিলন তীৰ্থত পৰিণত কৰি তুলিছিল৷ ইয়াৰ পিছতে অনুষ্ঠিত হয় ভেল বিসৰ্জন পৰ্ব আৰু প্ৰসাদ বিতৰণ অনুষ্ঠান৷

দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত ৫৭৫ সংখ্যক শ্ৰীশ্ৰী গোপাল আৰু বাঘেশ্বৰী থানৰ বাৰ্ষিক সবাহ মহোৎসৱ ২৫ এপ্ৰিলৰ পুৱা ৮ বজাত মুখ্যদ্বাৰ উন্মোচন কৰিছিল ডিমিলাপাৰ গাঁও পৰিচালনা সমিতিৰ সভাপতি গুণজিৎ দাসে। পুৱা ৮-৩০ বজাত ধৰ্মধ্বজা উত্তোলন কৰে তামুলপুৰৰ উলুবাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহ: শিক্ষক মহেশ বৈশ্য,, তামুলপুৰ প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক প্ৰসাদ দাস, জ্যেষ্ঠ নাগৰিক সোণেশ্বৰ দাস, মাণিক দাস, আৰু লোহিত দাসে। পুৱা ৯-৩০ বজাত স্মৃতি তৰ্পণ আৰু মাল্যাৰ্পন কাৰ্যসূচী ৰূপায়ণ কৰে ক্ৰমে বৰুণ দাস আৰু তামুলপুৰৰ জ্যেষ্ঠ সাংবাদিক আনন্দ ৰামচিয়াৰীয়ে। সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলন কৰে তামুলপুৰ প্ৰেছক্লাৱৰ সভাপতি উৎপল ডেকাই ৷ সন্ধিয়া ৬-৩০ বজাত ভাগৱত পাঠ কৰে নগেন দাসে। উদ্যোক্তা সকলে দুয়োদিনৰ কাৰ্যসূচীতে সকলো ধৰ্মপ্ৰাণ ৰাইজে সহায় সহযোগ আৰু উপস্থিত থাকি অনুষ্ঠান সফল কৰা বাবে ধন্যবাদ জনাইছে ৷


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *