Spread the love

তামুলপুৰৰ দ্বাৰকুছিত বিজেপি, অগপ, আৰু ইউপিপি এলৰ নিৰ্বাচনী প্ৰচাৰ সভা।

হাগ্ৰামাৰ আটাইতকৈ প্ৰিয় তথা হাগ্ৰামাৰ ৰাজনৈতিক গুৰু চন্দন ব্ৰহ্ম আজি ইউপিপিএল দলত যোগদান কৰিব।

হাগ্ৰামাৰ এতিয়া বিটিআৰত একো ভেল্যু নাই।

তামুলপুৰৰ দ্বাৰকুছিত বিজেপি, অগপ, ইউপিপিএল দলৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ অন্তত সাংবাদিকৰ আগত এই মন্তব্য আগবঢ়াই তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে।

সভাত বিধায়ক জলেন দৈমাৰী, অগপৰ কেন্দ্ৰীয় সম্পাদক হৰেশ্বৰ স্বৰ্গীয়াৰী, বিটিআৰৰ এমচিএলএ হেমন্ত কুমাৰ ৰাভা সহ কেইবাগৰাকীও নেতা কৰ্মী তৃতীয় বাৰৰ বাবে দেশত নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত কৰিবলৈ দৰং-ওদালগুৰিত পদুম ফুলৰ ছবিত ভোট প্ৰদান কৰি NDA ৰ মনোনীত প্ৰাৰ্থী দিলীপ শইকীয়াক জয়যুক্ত কৰিবলৈ আহ্বান জনাই।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *

You missed