Spread the love

 

তামুলপুৰৰ নাগ্ৰীজুলিত তামুলপুৰ মহকুমা কৃষি বিষয়াৰ উদ্যোগত প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয় আঁচনিৰ অধীনত ত্ৰিশ গৰাকী হিতাধিকাৰী কৃষকৰ মাজত স্প্ৰিঙ্কলাৰ আৰু ৱাটাৰ পাম্প ছেট বিতৰণ।ভাৰত-ভূটান সীমান্তৰ কৃষকক কিছু সকাহ দিবলৈ নাগ্ৰীজুলি ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত এই বিতৰণ কাৰ্যসূচী আনুষ্ঠানিক ভাৱে মুকলি কৰে ৩০ নং গোৰেশ্বৰ বিটিআৰ পৰিষদীয় সমষ্টিৰ এমচিএলএ পৱিত্ৰ কুমাৰ বড়োয়ে। ভাৰত-ভূটান সীমান্তত দীৰ্ঘদিনে কৃষক সকলে ভুগি থকা জলসিঞ্চনৰ বাবে পানী যোগান সমস্যাৰ সমাধান হব বুলি বিতৰণ অনুষ্ঠানত মন্তব্য BTR ৰ এম চি এল য়ে পৱিত্ৰ কুমাৰ বড়োৱে। অনুষ্ঠানত তামুলপুৰ মহকুমা কৃষি বিষয়াৰ লগতে কেইবাগৰাকীও অন্যান্য বিষয়া সকল উপস্থিত থাকে উক্ত অনুষ্ঠানত।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *