Spread the love

তামুলপুৰৰ নাগ্ৰীজুলিত সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচশনৰ ৰঙালী বিহু উদযাপন।

তামুলপুৰ, ২৪ এপ্ৰিলঃ

সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচশন তামুলপুৰ জিলা সমিতিৰ সহযোগত আৰু নাগ্ৰীজুলি আঞ্চলিক সমিতিৰ উদ্যোগত তামুলপুৰ জিলাৰ নাগ্ৰীজুলিস্থিত গোপীনাথ বৰদলৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আগন্তুক ১৫ ব’হাগ (২৮ এপ্ৰিল)ত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰথম বাৰ্ষিক ৰঙালী বিহু উদযাপনৰ আয়োজন কৰিছে। কাৰ্যসূচী অনুসৰি সেইদিনা পুৱা ৮-০০ বজাত সাংগঠনিক পতাকা উত্তোলন কৰিব বঙালী যুৱ ছাত্ৰ ফেডাৰেচশন তামুলপুৰ জিলা সমিতিৰ সভাপতি দেৱব্ৰত সৰকাৰে। পুৱা ৮-৩০ বজাত বিহু পতাকা উত্তোলন কৰিব বিটিআৰৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাসে, পুৱা ৯-০০ বজাত অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ৰূপায়ণ কৰিব বৃক্ষৰোপন কাৰ্যসূচী। পুৱা ১০-০০ বজাত শ্বহীদ তৰ্পণ আৰু মাল্যাৰ্পন, ১১-০০ বজাত কাৰ্য্যালয় উদ্বোধন তথা আবেলি ২-০০ বজাত মুকলি বিহু প্ৰদৰ্শন মুকলি কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ডুলুজিৎ দাসে। উক্ত দিনাৰ সমূহ কাৰ্যসূচীত নানা জাতি জনগোষ্ঠীৰে ভৰপূৰ অঞ্চলটোৰ সৰ্বস্তৰৰ ৰাইজৰ সহায় সহযোগ তথা উপস্থিতি কামনা কৰিছে ৰঙালী বিহু উদযাপন সমিতিৰ বিষয়ববীয়া সকলে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *