Spread the love

তামুলপুৰৰ বাৰেইগাওঁৰ শ্মশানস্থলীত সামূহিক চাফ-চিকুণ আৰু শ্ৰমদান কাৰ্যসূচী

 

তামুলপুৰ ৫ মেঃ

তামুলপুৰ জিলা সদৰৰ বাৰেইগাওঁ স্থিত শ্মশানস্থলীত আজি বাৰেইগাওঁ স্বৰ্গযাত্ৰা (শ্মশান) পৰিচালনা সমিতিৰ উদ্যোগত সামূহিক চাফ-চিকুণ আৰু শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

 

প্ৰতিকূল বতৰকো নেওঁচি পৰিচালনা সমিতিৰ সভাপতি নাৰায়ণ কলিতা আৰু সাধাৰণ সম্পাদক ভবেন দাসৰ নেতৃত্বত মটঙাপাৰ, বৰখোপা, পূণিয়া,  সৌৰাগুৰি, গেৰুৱা আদি গাঁওৰ সৰ্বস্তৰৰ ৰাইজৰ উপস্থিতিত আজি পুৱাৰে পৰা উক্ত সামূহিক চাফ-চিকুণ আৰু শ্ৰমদানৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

 

ৰাইজৰ সহযোগত ৰূপায়ণ কৰা উক্ত কাৰ্যসূচীত তামুলপুৰৰ যুৱ ব্যৱসায়ী ৰঞ্জন পাঠকে আজিৰ দিনটোত শ্মশানস্থলী চাফ-চিকুণৰ বাবে ব্যৱহাৰ কৰা জেচিপি খনৰ খৰচ বহন কৰে।

মানৱ জীৱনৰ অন্তিম তথা পৱিত্ৰ স্থান শ্মশানস্থলীখন আজি চিকুণাই তোলাত এক সৌন্দৰ্য্য বৰ্ধন কৰে। আগন্তুক দিনত চৰকাৰৰ জনকল্যাণমূলক আঁচনিৰ জড়িয়তে উন্নতমানৰ শ্মশান নিৰ্মাণৰ বাবেও অঞ্চলটোৰ ৰাইজে আশা প্ৰকাশ কৰে। আজিৰ এই কাৰ্যসূচীত তামুলপুৰ পৌৰ নিগম পৌৰপতি বানিকান্ত বসুমতাৰী, উপ পৌৰপতি অৰ্চনা চৌধুৰী, জ্যেষ্ঠ সমাজকৰ্মী ধৰ্ম তালুকদাৰ সহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিতি থাকে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *