Spread the love

তামুলপুৰৰ ভাৰত -ভূটান সীমান্তত মৃত বনৰীয়া হাতী উদ্ধাৰ

 

তামুলপুৰ,৪ মে-

 

তামুলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৰ নাগাপুৰৰ সমীপৰ গ্ৰীণ হিমালয়া বনভোজ থলিত কালি আবেলি এটি বনৰীয়ৈ দতাল হাতীৰ মৃতদেহ উদ্ধাৰ হয় ৷ ভূটান পাহাৰৰ দাতিত আবেলি খৰি লুৰিবলৈ যোৱা কোনো লোকে পাহাৰৰ পৰা বৈ অহা মটঙা নদীৰ পানী জুঁৱলিত মৃত বনৰীয়া হাতীটো প্ৰত্যক্ষ কৰি স্থানীয় লোকক খবৰ দিয়ে । বনৰীয়া হাতীটোৰ মৃত্যুৰ খবৰ পিছত কোনো লোকে কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ত দিয়ে ৷ বনৰীয়া হাতীৰ মৃত্যুৰ খবৰ লাভ কৰি বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয় যদিও হাতীটো মৃত্যু হোৱা ঠাই দোখৰ ভূটানৰ অন্তৰ্ভূক্ত হোৱাত বনবিভাগৰ লোকে ভূটানৰ চামদ্ৰূপ ঝংখাৰ প্ৰশাসনক খবৰ দিয়ে ৷ তথ্যমতে আজি পুৱাৰ ভাগত ভূচৈনৰ বন বিভাগৰ লোক আহি হাতাটোৰ মৰোনোত্তৰ পৰীক্ষা সমাপন কৰি সমাধিস্থ কৰে ৷ হাতীটোৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই ৷


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *