Spread the love

তামুলপুৰৰ ভূটান সীমান্তৰ ১ নম্বৰ দোঙাৰগাঁওত বনৰীয়া হাতীৰ আক্ৰমনত গুৰুতৰ ভাৱে আহত এজন

তামুলপুৰ,৫ নবেম্বৰ

 

তামুলপুৰ জিলাৰ ভূটান সীমান্তৰ ১ নম্বৰ ডোঙাৰ গাঁওৰ গৌজনফুৰিত আজি আবেলি খেতি পথাৰত পকাধান খায় থকা হাতী খেদিবলৈ গৈ হাতীৰ আক্ৰমনত গুৰুতৰ ভাৱে আহত হয় বাবুলাল মূৰ্মু(৩৫) নামৰ এজন লোক ৷ প্ৰাপ্ত তথ্য মতে খাদ্যৰ সন্ধানত ভূটান পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা কেইটামান হাতীয়ে ভূটান সীমান্তৰ ১ নম্বৰ ডোঙাৰগাঁওৰ গৌজনফুৰীত খেতি পথাৰত পকা ধান খায় থকাত স্থানীয় ৰাইজে চিঞৰ বাখৰ কৰি হাতী খেদিবলৈ ওলায় যায় ৷ মানুহৰ চিঞৰ বাখৰ শুনি হঠাৎ এটা হাতীয়ে ওলোটাকৈ মানুহলৈ চোচা লৈ খেদি অহাত গাঁওবাসীৰ সৈতে হাতী খেদিবলৈ যোৱা
বাবুলাল মূৰ্মু নামৰ লোকজন পৰি যোৱাত হাতীটোৱে ঠেঙেৰে লঠিয়াই থৈ আতৰি যায় ৷ ফলত গুৰুতৰ ভাৱে আহত হয় বাবুলাল ৷ পিচত গুৰুতৰ ভাৱে আহত বাবুলালক স্থানীয় লোকে উদ্ধাৰ কৰি ঘৰলৈ লৈ আহে ৷ পিচত কোনো লোকে ভূটান সীমান্তৰ পাহাৰপুৰস্থিত ২৪ বাহিনী এছএছ বিৰ শিবিৰত খবৰ দিয়াত এছএছবিৰ এন্বুলেন্সেৰে বাবুলালক কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত ভৰ্তী কৰায় ৷ কিন্তু হাতীৰ আক্ৰমনত বুকুৰ কামিহাড় ভাঙি যোৱা বাবুলালক চিকিৎসকে উন্নত চিকিৎসাৰ বাবে নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে খাদ্যৰ সন্ধানত ভূটান পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ কে’বাটাও বানৰীয়া হাতীৰ জাকে তামুলপুৰ জিলাৰ ভূটান সীমান্তৰ লগতে বিভিন্ন প্ৰান্তত সম্প্ৰতি দিনৰ পোহৰতে খেতি পথাৰত প্ৰবেশ কৰি পকাধান ধান খায় তহিলং কৰাত খেতিয়ক সকলে এতিয়া মুৰে কপালে হাত দিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *