Spread the love

তামুলপুৰৰ লাউপাৰাত ৫৯ সংখ্যক ৰঙালী বিহুৰ আয়োজনঃ

তামুলপুৰ, ১১ এপ্ৰিলঃ

তামুলপুৰ জিলাৰ লাউপাৰাৰাত স্থানীয় লাউপাৰা জনকল্যাণ সংঘ, পুথিভঁৰালৰ সৌজন্যত লাউপাৰা জনকল্যাণ সংঘৰ বাকৰিত অহা ৬ আৰু ৭ বহাগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটি পালন কৰিবলৈ আয়োজন কৰা হৈছে। উৎযাপন সমিতিৰ সভাপতি ধনেশ্বৰ কলিতা আৰু সম্পাদক উৎপল মেধিয়ে জনোৱা মতে ১৯ এপ্ৰিলৰ মুখ্য দ্বাৰ উন্মোচন কৰিব তামুলপুৰ জিলা বিজেপিৰ সম্পাদক লক্ষী দাসে৷ ৭:৩০ বজাত বিহু পতাকা উত্তোলন কৰিব ৫৯ তম বিহু উৎযাপন সমিতিৰ সভাপতি ধনেশ্বৰ কলিতাই৷ ৮:০০ বজাত স্মৃতি তৰ্পণ কৰিব লাউপাৰা জনকল্যাণ সংঘ, পুথিভঁৰালৰ সভাপতি অজিত বৈশ্যই৷ ৮:৩০ বজাত শ্বহীদ তৰ্পণ কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য ডুলুজিৎ দাসে। ৯:০০ বজাত খেল ধেমালি প্ৰতিযোগিতা। ৯:৩০ বজাত বৃক্ষৰোপন কৰিব অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে। ১০:০০ বজাত কুইজ প্ৰতিযোগিতা, ১১:৩০ বজাত স্মৃতি পৰীক্ষা প্ৰতিযোগিতা আৰু আবেলি ৫:৩০ বজাত শ্বহীদ বেদীত বন্তি প্ৰজ্বলন তথা ৬:০০ বজাত একক বিহু নৃত্য প্ৰতিযোগিতা উদ্বোধন কৰিব গোৰেশ্বৰ উন্নয়ন খণ্ডৰ গাণনিক অনিল মেধীয়ে। ঠিক তেনেদৰে ২০ এপ্ৰিল শনিবাৰে দ্বিতীয় দিনা পুৱা ৮:০০ বজাত ভেশচন প্ৰতিযোগিতা, ১০:০০ বজাত আকস্মিক বক্তৃতা প্ৰতিযোগিতা, ১১:০০ বজাত চিত্ৰাংকণ প্ৰতিযোগীতা তথা আবেলি ৩:০০ বজাত মুকলি বিহু প্ৰদৰ্শনেৰে লাউপাৰা জনকল্যাণ সংঘ, পুথিভঁৰালৰ সৌজন্যত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানটোৰ সামৰণি পৰিব। উদ্যোক্তা সকলে দুয়োটা দিনৰ সমূহ কাৰ্যসূচীত বিহু বলিয়া সকলো ৰাইজৰে উপস্থিতি কামনা কৰিছে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *