Spread the love

তামুলপুৰৰ শুকানজুলী-পাহাৰপুৰ ফাইৰিং ৰেঞ্জত এটাৰ পিছত আনটো দুৰ্ঘটনা সন্দৰ্ভত এছ এছ বীৰ মাইক যোগে সজাগতা সমদল। 

 

ফাইৰিং ৰেঞ্জত প্ৰৱেশ কৰি বোমা-বাৰুদৰ অৱশিষ্ট আনিবলৈ বাধা আৰু তেনেকুৱা কোনো অৱশিষ্ট দেখিলে হাতেৰে নুচুই আৰক্ষী,সেনা বা এছ এছ বীক খবৰ দিবলৈ অনৰোধ মাইক যোগে।

 

আজি 64 বেটেলিয়ান E কোম্পানী এছ এছ বী পাটকীজুলিয়ে নাগৰিক সুৰক্ষা চেতনা অভিযান নামেৰে এইদৰে হৰতোলা,শুকানজুলি,পাহাৰপুৰ আদি গাঁওত এক সমদল কৰি মাইকী যোগে ৰাইজক সজাগ হবলৈ আহ্বান জনায়।

 

উল্লেখ যে, তামুলপুৰৰ শুকানজুলি-পাহাৰপুৰ ফাইৰিং ৰেঞ্জত বিগত মাত্ৰ চাৰিটা দিনত দুজনকৈ লোক বোমা বাৰুদৰ অৱশিষ্ট বুটলিবলৈ গৈ মৃত্যুবৰণ কৰাৰ লগতে আঘাতপ্ৰাপ্ত হৈছে এজন যুৱক।

 

শুকানজলি পাহাৰপুৰ ফাইৰিং ৰেঞ্জত ভাৰতীয় সেনাই চলোৱা নিয়মীয়া প্ৰশিক্ষণৰ সময়ত একাংশ লোকে এই সমূহ অৱশিষ্ট যাতে বুটলিবলৈ নাযায় তাৰ বাবে এইদৰে আজি সজাগতা সমদল কৰে বৃহত্তৰ অঞ্চলটোত।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *

You missed