Spread the love

তামুলপুৰৰ সৌৰাগুৰীত ই- ৰিক্সাৰ খুন্দাত নিহত এজন

 

তামুলপুৰ,৫ জুন-

 

তামুলপুৰ জিলাৰ সৌৰাগুৰীত আজি আবেলি সংঘটিত হয় এক শোকাৱহ পথ দূৰ্ঘটনাত ৷ এখন ই ৰিক্সাই এজন চাইকেল আৰোহীক পিছ ফালৰ পৰা খুন্দিমাৰি মহতিয়াই নিয়াৰ ফলত চাইকেল আৰোহী জন নিহত হয় ৷ নিহত চাইকেল আৰোহীজন তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰী হেমেন দাস(৪৮) দাস বুলি জানিব পৰা গৈছে ৷ প্ৰাপ্ত তথ্য মতে আজি আবেলি বিদ্যালয় ছূটিৰ পিছত হেমেন দাসে চাইকেলেৰে সৌৰাগুৰীৰ নিজ গৃহলৈ আহি থাকোতে একে দিশেৰে আহি থকা ই ৰিক্সা এখনে খুন্দিয়াই মহিতিয়াই নিয়াৰ ফলত মুৰত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে প্ৰচুৰ ৰক্তক্ষৰণ হয় ৷দুৰ্ঘটনা প্ৰত্যক্ষ কৰি সেই সময়ত পথেৰে আহি থকা কেইজনমান স্থানীয় যুৱকে ততাতৈয়াকৈ হেমেনক তামুলপুৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰায় ৷ কিন্তু আঘাত গুৰুতৰ হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে যদিও আদবাটতে মৃত্যু হয়

৷ অতি নম্ৰ আৰু অমায়িক স্বভাৱৰ শিক্ষক শিক্ষয়ত্ৰী তথা ছাত্ৰ ছাত্ৰীৰ লগতে তামুলপুৰৰ বিভিন্ন জনৰ অতি প্ৰিয় হেমেন দাসৰ মৃত্যুত তামুলপুৰত গভীৰ শোকৰ ছা পৰে ৷ হেমেন দাসৰ মৃত্যুত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিভূতি ডেকা, শিক্ষক শিক্ষয়ত্ৰী গোট, ছাত্ৰ একতা সভা,তামুলপুৰ প্ৰেছ ক্লাৱ,তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থা,তামুলপুৰ আঞ্চলিক যুৱ মঞ্চই গভীৰ শোক প্ৰকাশ কৰে ৷


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *