Spread the love

তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বহাগ বিহু  উদযাপন আৰু ৩৫ তম বাৰ্ষিক অধিবেশন।

 

তামুলপুৰ ৮ এপ্ৰিল:

তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় প্ৰাঙ্গনত অহা ১ বহাগত দিনজোৰা কাৰ্যসূচীৰে বহাগ বিহু উদযাপন আৰু ৩৫ তম বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি চলি আছে। কাৰ্যসূচী অনুসৰি সেইদিনা ৰাতিপুৱা ৯ বজাত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰিব তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সন্থাৰ সভাপতি উৎপল হালৈয়ে। পুৱা ৯-১৫ বজাত শ্বহীদ তৰ্পণ  অনুস্থানত বন্তি প্ৰজ্বলন কৰিব সদৌ তামুলপুৰ জিলাৰ ছাত্ৰ সন্থাৰ উপ সভাপতি অনুপ কলিতাই। মাল্যৰ্পণ কৰিব তামুলপুৰ আঞ্চলিক ছাত্ৰ  সন্থাৰ ভা: সাধাৰণ সম্পাদক তুষাৰ কলিতাই।

৯-৩০ বজাত বিহু পতাকা উত্তোলন কৰিব অসম সেনাৰ  কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক চক্ৰধৰ তালুকদাৰে। পুৱা ৯-৪৫ বজাত সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰিব সদৌ তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সৰঞ্জন ৰাভাই। ১০ বজাত তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উৎপল হালৈৰ সঞ্চালনাত অনুষ্ঠিত প্ৰতিনিধি আৰু বিষয় বাচনি সভা উদ্বোধন কৰিব সদৌ তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ ভা: সভাপতি সন্তোষ পাটোৱাৰীয়ে। মুখ্য অতিথি হিচাপে উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ডুলুজিৎ দাসে। বিশিষ্ট অতিথিৰ আসন গ্ৰহণ কৰিব সদৌ তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা পূৰ্ণ ডেকাই। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব সদৌ তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক  পল্লৱ ডেকা, সদৌ তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক প্ৰাঞ্জল দাস, তামুলপুৰ জিলা অসম সেনাৰ মুখ্য আহ্বায়ক উপেন দাস, আৰু তামুলপুৰ জিলা অসম উন্নতি সভাৰ সভাপতি ৰুবুল দাসে। আবেলি ৩-৩০ বজাত আশিস গ্ৰহণ অনুষ্ঠান । আবেলি ৪ বজাত মুকলি বিহু প্ৰদৰ্শন উদ্বোধন কৰিব তামুলপুৰ সৌৰাগুৰী চিকিৎসা সেৱক মুনিন কুমাৰ দাসে। সন্ধিয়া ৬ বজাত সমুহীয়া বন্তি প্ৰজ্বলন ।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *

You missed