Spread the love

তামুলপুৰ আঞ্চলিক যুৱ মঞ্চৰ উদ্যোগত দশম বাৰ্ষিক বসন্ত উৎসৱ উদযাপনৰ আয়োজন।

আমাৰ খবৰ, তামুলপুৰ, ২৭ এপ্ৰিলঃ

তামুলপুৰ আঞ্চলিক যুৱ মঞ্চৰ উদ্যোগত তথা বৃহত্তৰ তামুলপুৰীয়া ৰাইজৰ সহযোগত আগন্তুক ২২ ব’হাগ (৫ মে’) ৰবিবাৰে এদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে তামুলপুৰৰ লেহোৰাম বড়ো খেলপথাৰত দশম বাৰ্ষিক বসন্ত উৎসৱ উদযাপনৰ আয়োজন কৰিছে। তামুলপুৰ আঞ্চলিক যুৱ মঞ্চৰ সভাপতি ধ্ৰুৱজ্যোতি ঠাকুৰীয়া, সম্পাদক নৱজিৎ শৰণীয়া সমন্বিতে যুৱ মঞ্চৰ বিষয়ববীয়াই জানিব দিয়া অনুসৰি সেইদিনা পুৱা ৮-৩০ বজাত তামুলপুৰ আঞ্চলিক যুৱ মঞ্চৰ পতাকা উত্তোলনৰ পিছত ৮-৪৫ বজাত বিহু পতাকা উত্তোলন কৰিব বসন্ত উৎসৱ উদযাপন সমিতিৰ সভাপতি ভিক্টৰ কুমাৰ দাসে লগতে ৯ খন বিহু পতাকা উত্তোলন কৰিব অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে। বিহু পতাকা উত্তোলনৰ পিছত পুৱা ৮-৩০ বজাত স্মৃতি তৰ্পন আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, ৯-০০ বজাত স্বৰ্গীয় ৰাজুৱালা দাস সোঁৱৰণী ৰভা উদ্বোধন, ১০-০০ বজাত চিত্ৰাংকণ প্ৰতিযোগীতা, ১১-০০ বজাত কুইজ প্ৰতিযোগীতা, সন্ধিয়া ৫-০০ বজাত বন্তি প্ৰজ্বলন আৰু ৫-১৫ বজাত মঞ্চ উদ্বোধন কৰিব ৪৩ নম্বৰ তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জলেন দৈমাৰীয়ে। ৫-৩০ বজাত তেজপুৰীয়া থেছপিয়ান বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন, উদ্বোধন কৰিব অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী, দক্ষতা, নিয়োগ, উদ্যমিতা আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। সন্ধিয়া ৬-৩০ বজাত বঁটা বিতৰণী অনুষ্ঠান, ৭-০০ বজাত স্বৰ্গীয় ভাৰত বড়ো সোঁৱৰণী সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে। ৭-৩০ বজাত বিশেষ সম্বৰ্ধনা অনুষ্ঠান তথা সন্ধিয়া ৮-০০ বজাত জে. চি. নাৰ্জাৰী আৰু ১০-০০ বজাত তৰুণ তন্ময়ৰ সংগীতানুষ্ঠানেৰে দশম বাৰ্ষিক বসন্ত উৎসৱৰ সামৰণি পৰিব। বসন্ত উৎসৱৰ উক্ত দিনজোৰা সমূহ কাৰ্যসূচীত বৃহত্তৰ তামুলপুৰীয়া ৰাইজৰ সহায় সহযোগ তথা উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰা বুলি বসন্ত উৎসৱ উদযাপন সমিতিৰ সভাপতি ভিক্টৰ কুমাৰ দাস সহ সম্পাদকদ্বয় চমেন ৰাভা আৰু মনোজ ডেকাই জানিবলৈ দিয়ে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *

You missed