Spread the love

তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দৰঙামেলা আৰক্ষী চকীয়ে এক অভিযান চলাই ৩ গৰাকী গভাইট চোৰক আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন চোৰকেইজন ক্ৰমে, দৰঙামেলাৰ — ফিৰোজ আলী (২৩), ৰাজেশ কিন্দা (২৪) আৰু কাদেৰ আলী।

আৰক্ষীয়ে জনোৱা মতে– ফিৰোজ আলী, ৰাজেশ কিন্দা আৰু কাদেৰ আলীয়ে বিগত কেইবামাহ ধৰি ভাৰত-ভূটান সীমান্তৰ দৰঙামেলাত চুৰিকাণ্ড সংঘটিত কৰি আহিছিল।

উল্লেখ্য যে বিগত কেইবামাহ ধৰি ভাৰত-ভূটান সীমান্তত মোৱাইল, গাড়ীৰ বেটেৰী, ইঞ্জিন, সোণৰ চেইন তথা অঞ্চলটোৰ গৰু-ছাগলী আদি সঘনাই চুৰি হোৱা ঘটনাৰ বাবে ৰাইজ অতিস্থ হৈছে।

দৰঙামেলা আৰক্ষীয়ে আজি গভাইট চোৰ তিনিজনৰ লগতে চুৰিকাণ্ডত ব্যৱহৃত AS01 AG2127 নম্বৰৰ এখন Chevrolet Aveo বাহন জব্দ কৰিবলৈ সক্ষম হয়।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *