Spread the love

তামুলপুৰ জিলাৰ অন্তৰ্গত কুমাৰীকাটাৰ যোগেশপুৰত এগৰাকী মহিলাৰ মৃত্যু ।

তামুলপুৰ ৯ মে:

তামুলপুৰ জিলাৰ অন্তৰ্গত কুমাৰীকাটাৰ যোগেশপুৰ গাওঁ নিবাসী গেম মগৰৰ পত্নী নিৰ্মলা বড়ো মগৰ ৪৭ৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। প্ৰাপ্ত বাতৰি মতে  ২০১৭ চনৰ পৰা  তাই  ৰোগত আক্ৰান্ত হৈ আছিল । বিভিন্ন ঠাইত চিকিৎসা গ্ৰহণ কৰি আৰোগ্য  নোহোৱাত ২০১৯ চনত  চেন্নাইৰ এপলো হষ্পিতাললৈ নি চিকিৎসা কৰি পুণৰ ঘৰলৈ লৈ অনা হয়।

যোৱা ২০২১ৰ ফেব্ৰুৱাৰী মাহত ষ্ট্ৰোক হোৱাত চিকিৎসাৰ বাবে  গুৱাহাটীৰ আৰ্য হষ্পিতাললৈ  লৈ যোৱা হয়। পুণৰ ২০২৩ চনত চেন্নাইৰ  এপলো হষ্পিতাললৈ  চিকিৎসাৰ বাবে লৈ যোৱা হয়।

যোৱা মঙ্গলবাৰে গুৰুতৰ ভাৱে আক্ৰান্ত হোৱাত তেওঁক ৰঙিয়াস্থিত চষ্টি হষ্টিহষ্পিতালৈ চিকিৎসাৰ বাৱে লৈ যোৱা হয়। তাত ৩ দিন   চিকিৎসা গ্ৰহণ কৰা হয় যদিওঁ কালি  চিকিৎসালয়ৰ  পৰা ঘৰলৈ লৈ অনা হয়। যোৱা নিশা ৮-৩০ বজাত মহিলাগৰাকীয়ে নিজ গৃহত ইহলিলা সম্বৰণ কৰে ।

সৰবৰহী  ধৰ্মপ্ৰাণা মহিলাগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ লগেলগে অঞ্চলটোৰ ৰাইজে আহি তেওঁৰ চোতাল ভৰি পৰে আৰু  মৃতকৰ আত্মাৰ প্ৰতি সন্মান  জনাই শেষ শ্ৰদ্ধা নিবেদন কৰে।

মৃত্যুৰ পিছত তাই পতিৰ সৈতে দুজন পুত্ৰ  এজনী বোৱাৰী  আৰু নাটি নাটিনী সহ ইষ্ট কুটুম্বক ইহ সংসাৰত  এৰি থৈ  যায়।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *

You missed