Spread the love

তামুলপুৰ জিলাৰ কুমাৰীকাটা বাঁহবাৰী গাঁওৰ পৰা নিৰুদ্দেশ এগৰাকী বিশেষ ভাৱে সক্ষম যুৱক।

 

ঈদৰ দিনাৰ পৰাই নিৰুদ্দেশ হৈ আছে কুমাৰীকাটা বাহবাৰী গাওঁৰ  চাইফুউদ্দীন আলীৰ কনিষ্ঠ পুত্ৰ ৰমজান আলী। ঈদ বুলি ঘৰৰ পৰা ওলাই যোৱা যুৱক গৰাকী আজিলৈ ঘৰলৈ উভতি নহাত কান্দোনত ভাগি পৰিছে মাতৃ। পুত্ৰৰ চিন্তাত এতিয়া দিশহাৰা হৈছে পিতৃও।

 

 

পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰি ইতিমধ্যে কুমাৰীকাটা আৰক্ষী চকীত নিৰুদ্দেশ সম্পৰ্কীয় এক এজেহাৰ দাখিল কৰিছে যদিও বৰ্তমানো কোনো শুং সূত্ৰ ওলোৱা নাই যুৱক গৰাকীৰ। কোনো সদাশয় লোকে যুৱক গৰাকীক প্ৰত্যক্ষ কৰিলে ওচৰৰ আৰক্ষী চকী নতুবা 8638073987 আৰু 8474062101 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।

 


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *