Spread the love

তামুলপুৰ জিলাৰ কুমাৰীকাটাৰ জালাহ ৰোডত নদীৰ বুকুৰে বিপদসংকুলভাবে অহা যোৱা কৰে প্ৰায় ৪০ খন গাঁৱৰ ৰাইজৰ।

 

তামুলপুৰ জিলাৰ অন্তৰ্গত কুমাৰীকাটাৰ পৰা জালাহ ৰোডত দৰঙা নদীৰ ওপৰত এখন দলং আছিল যদিও যোৱা বাৰিষাত দলংখনৰ মাজৰ অংশ ভাঙি যোৱাত যাতায়ত বন্ধ হৈ পৰে।

 

কুমাৰীকাটা জালাহ ৰোডৰ এই দুৰাৱস্থা ভোক কৰিবলগীয়া হৈছে প্ৰায় ৪০ খন গাঁওৰ ৰাইজ তথা নিতৌ বিদ্যালয়লৈ আহ যাহ কৰা ছাত্ৰ ছাত্ৰী সকলে। ওদালগুৰি তামুলপুৰ কুমাৰীকাটা বাক্সা মুছলপুৰ হৈ যোৱা জালাহ ৰোডৰ নাই কোনো বিকল্প পথ।

 

উক্ত অঞ্চলৰ কুঁহিপাৰ, বৰাবাজাৰ, ঔমাৰী, ভেলাবাৰী, খৈৰাণী, শোণমনি, অভয়াপুৰ, ন’ন কে আঙাৰকাটা, পাটকিজুলী, দেবিনগৰ, মৰিয়মপুৰ আদিকে ধৰি প্ৰায় ৪০ খন গাঁওৰ কেইবাহাজাৰ লোকৰ নিতৌ অহা যোৱা চলে এই পথেৰে।

 

ভৰ বাৰিষা নৈৰ বুকুৰে ছাত্ৰ ছাত্ৰীৰ লগতে অঞ্চলটোৰ ৰাইজ কেনেদৰে অহা যোৱা কৰিব তাকলৈ এতিয়া চিন্তিত হৈ পৰিছে।

 

নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই পেলোৱা চৰকাৰ যেন এতিয়া কুম্ভকৰ্ণ।

মন্ত্ৰী, বিধায়ক, ইএম, এমচিএলএ সকলে লোকসভা নিৰ্বাচনৰ পিছত এতিয়া যেন জিৰণী লৈছে। ৰাইজৰ সমস্যাৰ বুজ লবলৈ, খবৰ লবলৈ এতিয়া যেন ভ্ৰুক্ষেপ নাই কোনো এগৰাকী মন্ত্ৰী বিধায়কৰ।

 

ৰাইজৰ আহ্বান অতিশীঘ্ৰে দলংখন নিৰ্মাণ কৰি পথচাৰীৰ লগতে অঞ্চলবাসীক উপকৃত কৰক।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *