Spread the love

 

 

তামুলপুৰ জিলাৰ কুমাৰীকাটা-চাৰিভেল্লা সংযোগী পথ চোৱাৰ নতুন হাউলীত মটঙা নদীৰ ওপৰত নিৰ্মানৰত এখন পকী দলঙে ৰাইজক চিন্তিত কৰি তুলিছে ৷

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মিত আৰ চি চি পকী দলং খন আজি পাছ বছৰে সম্পূৰ্ণ কৰিব পৰা নাই৷ এইবেলিওঁ পকী দলং খন যে ৰাইজৰ সুবিধা হোৱাকৈ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব তাৰ কোনো ভৰসা নোহোৱা হৈছে ৷ কিয়নো বাৰিষা সময় সমাগত আজিও দলং খনৰ কাম আধাৰুৱা হৈ আছে। জানিব পৰা মতে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত পেকেজ নং এচ চি ২৪-১০৫ ৰ দ্বাৰা কুমাৰীকাটা – চাৰিভেল্লা পথ নিৰ্মানৰ সতে সংগতি ৰাখি পথচোৱা ২০১৯ চনতে আৰম্ভ কৰি প্ৰায় সম্পূৰ্ণ কৰি তোলা দেখা গৈছে যদিওঁ একেটা পেকেজৰ অধীনত বেলেগে প্ৰায় ৩ কোটিৰ অধিক টকা আৱন্টন দিয়া পথচোৱাৰ মটঙা নদীৰ পকী দলং খন আজিকোপতি কিবা অজ্ঞাত কাৰনত অৰ্ধনিৰ্মিত হৈ থাকিল। সেয়ে বাৰিষাৰ আগে আগে অৰ্ধনিৰ্মিত হৈ থকা পকী দলং খন ৰাইজৰ যাতায়তৰ উপযোগী কৰি দিয়াৰ বাবে বিভাগীয় কতৃপক্ষৰ লগতে জনৈক বসুমতাৰী নামৰ ঠিকাদাৰ জনক দাবী জনাইছে স্থানীয় ৰাইজে। অন্যথা বৰ্তমানৰ দুৰ্দশাৰ উপৰিও বাৰিষা কালত যমৰ যাতনা ভুগিব লাগিব অঞ্চলটোৰ লোক সকলে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *