Spread the love

তামুলপুৰ জিলাৰ ১ নং কালিপুৰত কুঁৱা চাফা কৰিবলৈ গৈ মৃত্যু দুগৰাকী লোকৰ।

 

আজি তামুলপুৰ জিলাৰ অন্তৰ্গত ১ নং কালিপুৰত চন্দ্ৰ বাহাদুৰ লিম্বুৰ ঘৰত কুঁৱা চাফা কৰিবলৈ কুঁৱাৰ ভিতৰত সোমাইছিল তপন ৰাজবংশী নামৰ এগৰাকী লোক। তপন ৰাজবংশী কুৱাৰ ভিতৰত অক্সিজেনৰ অভাৱত ককবকাই থকা দেখি তপনক উদ্ধাৰ কৰিবলৈ চন্দ্ৰ বাহাদুৰ লিম্বু কুঁৱাৰ ভিতৰত প্ৰৱেশ কৰে যদিও অক্সিজেনৰ অভাৱত দুয়োগৰাকী লোক মৃত্যু মুখত পৰে। লগে লগে অঞ্চলটোত হুৱাদুৱা লাগে। ঘটনাৰ খবৰ পাই তামুলপুৰ জিলাৰ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ পিছতেই দণ্ডাধীশ, তামুলপুৰ আৰক্ষী, এছএছবিৰ লগতে SDRF বাহিনী উপস্থিত হৈ মৃতদেহ দুটা কুঁৱাৰ ভিতৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বৰ্তমান আৰক্ষীৰ লোকে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰিছে। অঞ্চলটোত এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে।

 

ইপিনে অঞ্চলটোত হৈ থকা খোৱা পানীৰ অভাৱৰ বাবে এনে দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে জল জীৱন মিছন প্ৰকল্পৰ পানী যোগান আঁচনিটো বিগত প্ৰায় এবছৰ ধৰি বিকল হৈ আছে বুলি অভিযোগ উত্থাপন কৰে গাঁৱবাসীয়ে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *