Spread the love

তামুলপুৰ জিলা ইউ পি পি এল দলৰ কৰ্মী মনোৰঞ্জন বসুমতাৰীৰ অকাল বিয়োগ।

 

তামুলপুৰ ৮ এপ্ৰিল।

 

তামুলপুৰ জিলাৰ অন্তৰ্গত তেতেলিগুৰি গাঁও নিবাসী তথা ইউ পি পি এল দলৰ এগৰাকী নিষ্কঠাবান কৰ্মী মনোৰঞ্জন বসুমতাৰী (৪৫) আজি অকাল বিয়োগ হয়। জানিব পৰা মতে আজি আবেলি মনোৰঞ্জন বসুমতাৰী উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ অসুস্থ হৈ পৰে। পৰিয়ালৰ লোকে ততাতৈয়াকৈ তামুলপুৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে যদিও আটবাততে মনোৰঞ্জন বসুমতাৰীৰ অকাল বিয়োগ হয়। তামুলপুৰ জিলাৰ ইউপিপিএল দলৰ এগৰাকী নিষ্ঠাবান কৰ্মীৰ লগতে মৃত্যুৰ আগমূহুৰ্তলৈ বিভিন্ন সামাজিক কামৰ সৈতে জড়িত আছিল মনোৰঞ্জন বসুমতাৰী । মনোৰঞ্জন বসুমতাৰীৰ অকাল বিয়োগত তামুলপুৰ জিলাত শোকৰ ছা পৰে। মৃত্যুৰ সময়ত বৃদ্ধ পিতৃ মাতৃৰ লগতে পত্নী আৰু এগৰাকী পুত্ৰ সন্তানক এৰি থৈ যায়। মনোৰঞ্জন বসুমতাৰীৰ অকাল বিয়োগত তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী, তামুলপুৰ জিলা ইউপিপিএল দল, তামুলপুৰ জিলা বড়ো ছাত্ৰ সন্থা আৰু তামুলপুৰ প্ৰেছ ক্লাবৰ গভীৰ শোকৰ প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *