Spread the love

তামুলপুৰ শংকৰদেৱ বিদ্যা নিকেতনত ককা আইতা দিৱস পালন : শতাধিক ককা আইতাক সম্বৰ্ধনা : ককা আইতাৰ সম্বন্ধ অতি মধুৰ সম্বন্ধ :

 

তামুলপুৰ

 

বিদ্যা ভাৰতী , অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পৰিচালিত শংকৰদেৱ বিদ্যা নিকেতন তামুলপুৰত পহিলা জুনত অতি গাম্ভীৰ্যপূৰ্ণভাৱে ককা আইতা দিৱস পালন কৰা হয় । নিকেতনৰ প্ৰধান আচাৰ্য জীৱন কলিতাই আঁত ধৰা অনুষ্ঠানটো বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে বিশিষ্ট চিকিৎসক তথা লেখক ডাঃ ৰমেন কুমাৰ কাকতিয়ে । বন্তি প্ৰজ্বলন কৰি আগবঢ়োৱা ভাষণত তেওঁ ককা আইতা সকলৰ স্বাস্থ্যৰ প্ৰতি লবলগীয়া সাৱধানতা সম্পৰ্কে ব্যাখ্যা দাঙি ধৰে । অনুষ্ঠানত নিৰ্দিষ্ট বক্তাৰ ভাষণ ৰাখে গান্ধীবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মীনা বৰ্মনে । ভাষণত তেওঁ কয় ককা আইতাৰ সম্বন্ধ অতি মধুৰ সম্বন্ধ । এই সম্বন্ধ বেলেগত পাবলৈ নাই । তেওঁ পুনৰ কয় আমি নিজকে বুঢ়া হোৱা বুলি ভাবিব নালাগে । আমি সদায় সপ্ৰতিভ হৈ থাকিবলৈ চেষ্টা কৰিব লাগে । আমি মাথো চলা ফুৰে সাৱধানে কৰিব লাগে । বালিকা শিক্ষাৰ ওপৰত ভাষণ ৰাখে নিকেতনৰ জ্যেষ্ঠ আচাৰ্যা তথা বালিকা প্ৰমুখ প্ৰেমদা ঠাকুৰীয়াই । ভাষণ প্ৰসংগত তেওঁ কয় জীৱনৰ বিয়লি বেলাত কোনো ককা আইতা যাতে অৱহেলিত হব লগা নহয় , ককা আইতাসকলে যাতে যথোচিত সন্মান আৰু গুৰুত্ব লাভ কৰে তাৰ বাবে ছাত্ৰ ছাত্ৰীসকলক এতিয়াৰে পৰাই জ্ঞান দিবলৈ আমি প্ৰয়াস কৰিছোঁ । অনুষ্ঠানত নিকেতন পৰিচালনা সমিতিৰ সভাপতি মোহন চন্দ্ৰ ডেকা আৰু সাধাৰণ সম্পাদক টেক বাহাদুৰ ছেত্ৰীয়ে ককা আইতাক উদ্দেশ্যি সাৰুৱা ভাষণ ৰাখে । এই অনুষ্ঠানত নিকেতনৰ ছাত্ৰী প্ৰিয়ংগণা কলিতাই কবিতা আবৃত্তি , পাৰ্থ প্ৰতিম বৰাই শিশু গীত , ৰীমা দাস আৰু তেওঁৰ সহযোগীসকলে দলীয় নৃত্য আৰু তেলচুৰা খ্যাত কৰণ দাস আৰু সাগৰিকা দাসে কৌতুক অভিনয় কৰি অনুষ্ঠানটো অধিক মনোগ্ৰাহী কৰি তোলে । তামুলপুৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা প্ৰবীণ সাংস্কৃতিক কৰ্মী হিৰণময়ী দাসে ককা আইতাসকলক উদ্দেশ্যি ৰচনা কৰা এটি গীত পৰিবেশন কৰে । ইয়াৰ পূৰ্বে বন্দনা কালাংশৰ লগত সংগতি ৰাখি সুভাষিত পাঠ কৰে নিকেতনৰ ছাত্ৰ জোন কলিতাই । অমৃত বচন আৰু বিদ্যা ভাৰতীৰ লক্ষ্য পাঠ কৰে ক্ৰমে কৃষা ডেকা আৰু জুপিতৰা শৰ্মাই । উল্লেখযোগ্য যে উপস্থিত শতাধিক ককা আইতাক নিকেতনৰ একাংশ ছাত্ৰীয়ে চৰণ ধুই সভাগৃহলৈ লৈ আনে আৰু প্ৰতিগৰাকী ককা আইতাক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে । এই মনোজ্ঞ আৰু গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নিকেতন পৰিচালনা সমিতিৰ কোষাধ্যক্ষ সৰ্বেশ্বৰ ওজা , সদস্য অনিল দাস , ভূপেন কলিতা , খগেন দাস , মৃদুলা কাকতি , কিৰন বৰ্মন , তামুলপুৰ প্ৰেছ ক্লাৱৰ উপ সভাপতি গুনজিৎ দাস , নিকেতনৰ আচাৰ্য আচাৰ্যা , ছাত্ৰ ছাত্ৰী আৰু কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে । শেষত অসম সংগীতেৰে অনুষ্ঠানটোৰ সামৰণি মৰা হয় । ###


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *