Spread the love

তামুলপুৰ সমষ্টিৰ প্ৰয়াত বিধায়ক লেহোৰাম বড়োৰ স্মৃতিচাৰণ সভা।

 

২৮ নম্বৰ গয়বাৰী ব্লক ইউপিপিএল সমিতিৰ উদ্যোগত

আজি তামুলপুৰ ৰাজহুৱা উদ্যানত ৫৮ নম্বৰ তামুলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰয়াত  লেহোৰাম বড়োৰ তৃতীয় বাৰ্ষিক মৃত্যু বাৰ্ষিকী পালন কৰা হয়৷ এই উপলক্ষে বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচী মুকলি কৰে প্ৰয়াত বিধায়কৰ ভাতৃ প্ৰবীৰ বড়োৱে ৷

 

ইয়াৰ পিছতে প্ৰয়াত বিধায়ক গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ইউজি ব্ৰহ্ম আৰু তামুলপুৰ সমষ্টিৰ বিধায়ক জলেন দৈমাৰীয়ে ৷

 

ইয়াৰ পিছতে অনুষ্ঠিত স্মৃতিচাৰণ সভাত তামুলপুৰৰ জ্যেষ্ঠ নাগৰিক মঞ্চ, তামুলপুৰ জিলা এবছু আদি বিভিন্ন দল সংগঠনৰ নেতা কৰ্মী উপস্থিত থাকি বিধায়ক গৰাকীৰ স্মৃতিচাৰণ কৰে।

 

আজিৰ এই কাৰ্যসূচীত উপস্থিত থাকি মন্ত্ৰী ইউ জি ব্ৰহ্মই সাংবাদিকৰ আগত কয় যে-

তামুলপুৰখন শিক্ষা, স্বাস্থ্য, সাংস্কৃতিক আদি দিশত জাকত জিলিকাকৈ গঢ়ি তুলি আমি প্ৰয়াত বিধায়ক লেহুৰাম বড়োৰ সপোন পূৰণ কৰিব লাগিব।

 


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *