Spread the love

তিনিচুকীয়া জিলাৰ শদিয়াৰ পৰা পোহৰলৈ আহিছে ৰাজ্যত চলি থকা বেংক জালিয়াতিৰ এক ভয়ংকৰ তথ্য।

 

 

আৰক্ষী বিষয়াৰ ভুৱা স্বাক্ষৰে বেংকৰ পৰা সৰাধ কৰিছে লাখে লাখে টকা ৷ জালিয়াতিৰে বেংকৰ পৰা সৰাধ কৰিলে প্ৰায় ছয় লাখকৈ টকা ৷

 

এই তথ্য পোহৰলৈ আহিছে তিনিচুকীয়া জিলাৰ শদিয়া আৰক্ষীৰ এক অনুসন্ধানত ৷ শদিয়া আৰক্ষীৰ পূৰ্বৰ আৰক্ষী অধীক্ষকে দিয়া গোচৰৰ ভিত্তিত চলিছে এই তদণ্ড।পোহৰলৈ আহিছে এই কাণ্ডৰ লগত জড়িত ডিগবৈবালিজান কচুজানৰ ৰুণু হাজৰিকা নামৰ পৰ্টেলৰ এগৰাকী ভুৱা সাংবাদিকৰ নাম আৰু এই সাংবাদিক গৰাকীৰ নেক্সাচত গঢ়ি উঠিছিল

 

এই সমগ্র ঘটনা।ইতিমধ্যে শদিয়া আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত ৩ জনকৈ আৰক্ষী যোৱান, ডিগবৈৰ C S P চেন্টাৰৰ গৰাকী আব্দুল ৰহমানক আটক কৰি নিজৰ জিম্মাত লৈ মাৰাথন জেৰা অব্যাহত ৰাখিছে।আৰক্ষীৰ সূত্ৰমতে এই জালিয়াতিৰ ঘটনাৰ মাষ্টাৰ মাইণ্ড ষ্টেট বেংকৰ ৰিকভাৰী এজেন্ট ৰূপী পৰ্টেলৰ সাংবাদিক ডিগবৈৰ ৰুণু হাজৰিকাক ইতিমধ্যে গুৱাহাটীৰ বশিষ্ট আৰক্ষীয়ে আটক কৰিছে।ইয়াৰে এজন ডিগবৈৰ অসম আৰক্ষীৰ ১ম এ পি বি এনৰ জোৱান ডিগবৈৰ ভদ্ৰেশ্বৰ দাস আৰু আন ২ জন হ’ল শদিয়াত গৃহৰক্ষী জোৱান হিচাপে কৰ্মৰত চন্দ্ৰ বৰগোহাঁই আৰু অজিত দলে বুলি জানিব পৰা গৈছে।*

 

*জানিব পৰা মতে, শদিয়াৰ দুজনকৈ গৃহৰক্ষী জোৱানে কনিষ্টবলৰ ভূৱা পৰিচয় পত্ৰত শদিয়া আৰক্ষী জিলাৰ পূৰ্ব আৰক্ষী অধীক্ষক মৃণাল ডেকাৰ ভূৱা স্বাক্ষৰ লৈ ডিগবৈৰ ভুৱা সাংবাদিক ৰুণু হাজৰিকাৰ সহযোগত এই কাণ্ড সংঘটিত কৰিছিল বুলি প্ৰকাশ। উল্লেখ্য যে চন্দ্ৰ বৰগোহাঁই নামৰ শদিয়াৰ এই গৃহৰক্ষীজনে আৰক্ষী কনিষ্টবলৰ ভুৱা আইকাৰ্ড বনাই আৰক্ষী অধীক্ষকৰ জালিয়াতিৰে স্বাক্ষৰ লোৱাৰ অভিযোগ উত্থাপন হৈছে। অন্যহাতে বেংকৰ নথি-পত্ৰ পৰীক্ষণৰ সময়তে পোহৰলৈ আহিল এই বিস্ফোৰক তথ্য ৷ এই কথা অৱগত হোৱাৰ পিছতে খোদ আৰক্ষী অধীক্ষকে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰিছে । ইতিমধ্যে বশিষ্ট আৰক্ষীয়ে ৰুণু হাজৰিকাক শদিয়া আৰক্ষীৰ হাতত গটাই দিছে বুলি জানিব পৰা গৈছে ৷ শদিয়া আৰক্ষীয় ভাৰতীয় দণ্ডবিধিৰ ৪৬৫/৪৬৮/৪৭১ ধাৰাত ১৮/২০২৪ নম্বৰত শদিয়া থানাত এক গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীয়ে সন্দেহ কৰা মতে,এই জালিয়াতিৰ নেক্সাচত আৰু একাধিক লোক জড়িত আছে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *