Spread the love

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ ।

 

মিডিয়া চে’ল, বাক্সা ৬ মে’, ২০২৪:

১ নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৪১-মানস আৰু ৪২-বাক্সা (জনজাতি) বিধানসভা সমষ্টিত কাইলৈ, অৰ্থাৎ অহা ৭ মে’, ২০২৪ত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ আজি মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বিতৰণ কৰা হৈছে। উল্লেখযোগ্য যে এইবেলি ৪১-মানস বিধানসভা সমষ্টিত মুঠ ভোটাৰ হৈছে ২,০৩,৪৮০গৰাকী। তাৰ ভিতৰত পুৰুষ ভোটাৰ ১,০২,৫১০ আৰু মহিলা ভোটাৰ ১,০০,৯৭০। আনহাতে ৪২-বাক্সা বিধানসভা সমষ্টিত পুৰুষ ভোটাৰ ৯৭,২৫২ আৰু মহিলা ভোটাৰ ৯৯,০৯৭গৰাকীকে ধৰি মুঠ ভোটাৰ হৈছে ১,৯৬,৩৪৯গৰাকী। আনহাতে দুয়োটা সমষ্টিত তৃতীয় লিংগৰ ভোটাৰ এগৰাকীও নাই। মানসত ২৩৬টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰাৰ বিপৰীতে বাক্সাত স্থাপন কৰা হৈছে ২৪০টা ভোটগ্ৰহণ কেন্দ্ৰ। অৰ্থাৎ দুয়োটা বিধানসভা সমষ্টিত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ হৈছে ৪৭৬টা। দুয়োটা সমষ্টিত কিছু পৰিমাণে অসুবিধাজনক (Vulnerable) ভোটকেন্দ্ৰ ৫টাৰ বিপৰীতে জটিল (Critical) ভোটগ্ৰহণ কেন্দ্ৰ হৈছে ৫৪টা। উল্লেখযোগ্য যে বাক্সা বিধানসভা সমষ্টিত কেৱল মহিলা বিষয়া-কৰ্মচাৰীয়ে পৰিচালনা কৰা ভোটগ্ৰহণ কেন্দ্ৰ হৈছে দহটা।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *