Spread the love

দলংপাৰ বাৰোৱাৰী শ্ৰীশ্ৰী লক্ষ্মীপূজাৰ ৰূপালী জয়ন্তী ২০২৩ —-২৮,২৯,৩০ আৰু ৩১ অক্টোবৰত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ৰূপালী জয়ন্তী উৎসৱ–

তামুলপুৰ,২৬ অক্টোবৰঃ

তামুলপুৰৰ দলংপাৰত দলংপাৰ বাৰোৱাৰী শ্ৰীশ্ৰী লক্ষ্মীপূজাৰ এইবেলি ৰূপালী জয়ন্তী বৰ্ষ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উৎযাপন কৰিবলৈ পূৰ্ণ প্ৰস্তুতি আৰম্ভ কৰা হৈছে। ইতিমধ্যে বিটিআৰৰ মনোনীত পাৰিষদ হেমন্ত কুমাৰ ৰাভাক সভাপতি, জীতেন্দ্ৰ কুমাৰ ডেকাক কাৰ্যকৰী সভাপতি, চক্ৰধৰ তালুকদাৰ আৰু ৰাহুল ৰাভাক যুটীয়া সম্পাদক হিচাপে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰি পূৰ্ণদ্যোমে প্ৰস্তুতি চলাই থকা হৈছে । উদ্যোক্তা সকলে জনোৱা মতে ২৮ অক্টোবৰ ৰ সন্ধিয়া ৫:০০ বজাত প্ৰতিমা স্থাপন আৰু ৫:৩০ বজাত মুখ্য দ্বাৰ উন্মোচন। মুখ্য দ্বাৰ উন্মোচন কৰিব তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে। সন্ধিয়া ৬:০০ বজাত মন্দিৰৰ দ্বাৰ উন্মোচন আৰু মুখ্য বন্তি প্ৰজ্বলন । এই দুই কাৰ্যসূচী ৰূপায়ণ কৰিব ক্ৰমে দৰঙ্গাজুলি পৰিষদীয় সমষ্টিৰ এমচিএল এ বিজিৎ গৌৰা নাৰ্জাৰী আৰু তামুলপুৰ জিলাৰ অতিৰিক্ত আয়ুক্ত কোকিলা গগৈয়ে। সন্ধিয়া ৬:৩০ বজাত ৰভা উদ্বোধন কৰিব টিচি এলচিচিৰ অধ্যক্ষ পৱিত্ৰ নাৰ্জাৰীয়ে। ৭:০০ বজাত আছে বন্তি প্ৰজ্বলন । এই কাৰ্যসূচীত তামুলপুৰৰ বহু সংখ্যক সমাজকৰ্মী, জ্যেষ্ঠ নাগৰিকে অংশগ্ৰহণ কৰিব। ইয়াৰ পিছতেই আৰম্ভ হব পূজা আৰু ওজাপালি বন্দনা। ২৯ অক্টোবৰ ৰ পুৱা নিত্য নৈমিত্তিক পূজা অৰ্চনা। পুৱা ৯:০০বজাত পতাকা উত্তোলন।পতাকা উত্তোলন কৰিব দলংপাৰ বাৰোৱাৰী শ্ৰী শ্ৰী লক্ষ্মী পূজা উদযাপন সমিতিৰ সভাপতি হেমন্ত কুমাৰ ৰাভা আৰু দলংপাৰ বাৰোৱাৰী শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ স্থায়ী সমিতিৰ সভাপতি সুৰেন্দ্ৰ নাথ কলিতা প্ৰমুখ্যে অঞ্চলটোৰ বিশিষ্ট ব্যক্তি সকলে। পুৱা ৯:৩০ বজাত স্মৃতি তৰ্পণ আৰু ১১:০০ বজাত বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা। এই কাৰ্যসূচী উদ্বোধন কৰিব তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নাৰায়ণ ব্ৰহ্মই । দিনৰ ১:৩০ বজাত উদ্বোধনী সভা আৰু স্মৃতি গ্ৰন্থ উন্মোচন। পূজা পৰিচালনা সমিতিৰ সভাপতি হেমন্ত কুমাৰ ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত হবলগীয়া সভাখন উদ্বোধন কৰিব বাৰ্তা পখিলীৰ সম্পাদক ব্ৰজেন্দ্ৰ নাথ ডেকাই, স্মৃতি গ্ৰন্থ উন্মোচন কৰিব তামুলপুৰ মহাবিদ্যালয়ৰ প্ৰবক্তা নাৰায়ণ কলিতাই । সভাত নিৰ্দিষ্ট বক্তা হিচাপে কুমাৰীকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক গোপেন মজুমদাৰ, সন্মানীয় অতিথি হিচাপে আছুৰ কেন্দ্ৰীয় ক্ৰীড়া সম্পাদক পূৰ্ণ ডেকা, আৰছুৰ কেন্দ্ৰীয় উপ সভাপতি দীপাংকৰ ৰাভা, আৰছুৰ তামুলপুৰ জিলাৰ সভাপতি পূৰ্ণ সিং ৰাভা আৰু এবিএমছুৰ কেন্দ্ৰীয় সভাপতি টাইছন হুছেইন উপস্থিত থাকিব। সন্ধিয়া ৫:০০ বজাত বন্তি প্ৰজ্বলন আৰু সন্ধিয়া ৭:০০ বজাত সাংস্কৃতিক সন্ধিয়া। সাংস্কৃতিক সন্ধিয়া আৰু মঞ্চ উদ্বোধন কৰিব ক্ৰমে বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য দেৱেন বড়ো আৰু যুৱনেতা মুজিব আলী আহমেদে। ৩০ অক্টোবৰৰ পুৱা স্বচ্ছ অভিযান, নিত্য নৈমিত্তিক পূজা,গছপুলি ৰোপণ আৰু দিনৰ ১১:০০ বজাত দিহানাম প্ৰদৰ্শন। উদ্বোধন কৰিব ট্ৰেডিশ্বনেল চটোকাই কাৰাটে এচোছিয়েশ্বনৰ অধ্যক্ষা পাৰুল ভৰালী বড়োই । সন্ধিয়া ৫:০০ বজাত বন্তি প্ৰজ্বলন। ৬:০০ বজাত ছোৱালী নাগাৰা নাম।উদ্বোধন গৌৰাংগ কুমাৰ নাথে। ৩১ অক্টোবৰৰ পুৱা ৯:০০ বজাত ভাগৱত পাঠ আৰু ১০:০০ বজাত স্থায়ী মন্দিৰৰ লাইখুটা স্থাপন কৰিব যুৱ সমাজকৰ্মী দয়াল দাসে।১০:৩০ বজাত আয়তীৰ নাম,বন্তি প্ৰজ্বলন ,সন্ধিয়া ৬:০০ বজাত সম্বৰ্ধনা সভা আৰু ৭:০০ বজাত বাৰেৰহণীয়া সাংস্কৃতিক সন্ধিয়া। উদ্বোধন কৰিব বিটিআৰ প্ৰধান প্ৰমোদ বড়োই।মঞ্চ উদ্বোধন কৰিব মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই। বন্তি প্ৰজ্বলন কৰিব বিটিআৰৰ কাৰ্যবাহী সদস্য ডঃ ধৰ্ম নাৰায়ণ দাসে আৰু অতিথি হিচাপে উপস্থিত থাকিব বিটিআৰৰ কাৰ্যবাহী সদস্য ৰণেন্দ্ৰ নাৰ্জাৰী, অধিবক্তা শব্দ ৰাম ৰাভা আৰু তামুলপুৰ জিলা বিজেপিৰ সভাপতি ভিক্টৰ কুমাৰ দাসে। উদ্যোক্তা সকলে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে শ্ৰী শ্ৰী লক্ষ্মীপূজাৰ সকলো কাৰ্যসূচীতে ৰাগজৰ সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *