Spread the love

[ad_1]

ডিজিটেল ডেস্কঃ ৰাজস্থানত ক্ৰমশঃ শক্তিহীন হোৱা বিজেপিয়ে আমদানিকৃত নেতাক দলত যোগদান কৰাই শক্তি প্ৰদৰ্শনৰ বাবে চেষ্টা কৰিছিল যদিও দেশজুৰি এতিয়া বিৰূপ প্ৰতিক্ৰিয়াহে দেখিবলৈ পোৱা গৈছে। দলটোত যোগদান কৰা আমদানিকৃত নেতাই দলটোক শক্তিশালী কৰাৰ পৰিৱৰ্তে ক্ষতিহে কৰিব বুলি বিজেপিৰ ভিতৰচৰাতেই চৰ্চা আৰম্ভ হৈছে।

মাত্ৰ ২ টা বছৰতে তিনিটাকৈ ৰাজনৈতিক দল সলোৱা এই নেতাৰ পৰা বিজেপিৰ কি লাভ হ’ব সেয়া বুজিব পৰা নাই দলটোৰ একাংশ নিষ্ঠাৱান কৰ্মীয়ে। হাৰিয়ানা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি অশোক তানৱাৰে শনিবাৰে বিজেপিত যোগদান কৰিছে।

হাৰিয়ানাৰ এইগৰাকী নেতাই অৱশ্যে নিজৰ ৰাজ্য বা দিল্লীৰ পৰিৱৰ্তে নিৰ্বাচনৰ বতাহত বাউলী হোৱা ৰাজস্থানতহে বিজেপিত চামিল হয়। হাৰিয়ানাৰ এইগৰাকী নেতাই ৰাজস্থানৰ নিৰ্বাচনমুখি পৰিস্থিতিত বিজেপিত যোগদান কৰা বিষয়টো সন্দৰ্ভত বিজেপিয়ে ৰাজ্যখনত শক্তি প্ৰদৰ্শনৰ বাবেই এই যোগদান কাৰ্যসূচী গ্ৰহণ কৰা বুলি চৰ্চা হৈছে।

তাৎপৰ্যপূৰ্ণভাৱে এইগৰাকী নেতাই ২ টা বছৰত সলাইছে তিনিটাকৈ ৰাজনৈতিক দল। ২০২১ ত তৃণমূল কংগ্ৰেছে তৃতীয়বাৰৰ বাবে বংগ দখল কৰাৰ সময়ত দিল্লীত মমতা বেনাৰ্জী আৰু প্ৰশান্ত কিশোৰৰ উপস্থিতিত অশোক তানৱাৰে কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল।

কিন্তু মাত্ৰ কেইটামান মাহৰ পাছতে তেওঁ টি এম চি ত্যাগ কৰি ২০২২ ৰ এপ্ৰিলত আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ উপস্থিতিত দিল্লীত দলটোত যোগদান কৰে। আৰু এতিয়া তেওঁৰ আপৰ প্ৰতিও মোহভংগ হৈ বিজেপিত চামিল হৈছে।

২০০৯ চনত হাৰিয়ানাৰ ছিৰচা লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হোৱা অশোক তানৱাৰ আছিল যুৱ কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি। সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে তেওঁ আকৌ হাৰিয়ানা প্ৰদেশ কংগ্ৰেছৰো সভাপতি হিচাপে দায়িত্ব লাভ কৰিছিল।

অৱশ্যে ২০১৪ আৰু ২০১৯ ৰ লোকসভা নিৰ্বাচনত তেওঁ পৰাস্ত হৈছিল। ইয়াৰ পাছতে তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ সিং হুদাৰ সৈতে মতবিৰোধ হোৱাত দল ত্যাগ কৰে।

২০২১ ৰ ফেব্ৰুৱাৰীত এইগৰাকী নেতাই দিল্লীত ঘোষণা কৰিছিল তেওঁ নতুন দল খোলাৰ কথা। আনকি তেওঁ গঠন কৰা নতুন ৰাজনৈতিক দলৰ নামো ঘোষণা কৰিছিল। দলটোৰ নাম দিছিল ‘আপনা ভাৰত মৰ্চা’।

কিন্তু সেই একেটা বছৰৰ নৱেম্বৰ মাহত তেওঁ টি এম চিত যোগদান কৰে। তাৰ পাছত ২০২২ ত আপত আৰু শেহতীয়াকৈ ১১ নৱেম্বৰ, ২০২৩, শনিবাৰে মহাৰাষ্ট্ৰত বিজেপিত যোগদান কৰে।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *