Spread the love

দুখন গ্ৰীষ্মকালীন বিশেষ ৰেলৰ সময়সীমাৰ সম্প্ৰসাৰণ
গুৱাহাটী আৰু হাওড়াৰ মাজত ৱান ৱে বিশেষ ৰেল

মালিগাওঁ, ৬ জুন, ২০২৪:
যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে, ৰেল নং. ০৬১০৩/০৬১০৪ (নাগেৰকইল
জংচন – ডিব্ৰুগড় – নাগেৰকইল জংচন) আৰু ৰেল নং. ০৬১০৫/০৬১০৬ (নাগেৰকইল জংচন– ডিব্ৰুগড় –
নাগেৰকইল জংচন) উভয় দিশত একেলগে প্ৰত্যেকৰে দুটাকৈ ট্ৰিপৰ বাবে এই সেৱাসমূহ অব্যাহত ৰখাৰ
সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই ৰেলসমূহ বিদ্যমান সেৱাৰ দিন, সময় আৰু ষ্টপেজৰ দিনৰ সৈতে চলাচল
কৰিব। লগতে, উত্তৰ পূব সীমান্ত ৰে'লৱেই ৭ জুন, ২০২৪ তাৰিখে গুৱাহাটী আৰু হাওড়াৰ মাজত এখন ৱান ৱে
গ্ৰীষ্মকালীন বিশেষ ৰেল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
সেই অনুসৰি, ৰেল নং. ০৬১০৩ (নাগেৰকইল জংচন – ডিব্ৰুগড়) বিশেষ ৰেলখন ০৭ জুনৰ পৰা ২১
জুন, ২০২৪ লৈ প্ৰতি শুক্ৰবাৰে চলাবলৈ সম্প্ৰসাৰিত কৰা হৈছে। উভতনি যাত্ৰাৰ দিশত, ৰেল নং ০৬১০৪
(ডিব্ৰুগড়– নাগেৰকইল জংচন) বিশেষ ৰেলখন প্ৰতি বুধবাৰে ১২ জুনৰ পৰা ২৬ জুন, ২০২৪ লৈ চলাবলৈ
সম্প্ৰসাৰিত কৰা হৈছে।
ৰেল নং ০৬১০৫ (নাগেৰকইল জংচন – ডিব্ৰুগড়) বিশেষ ৰেলখন ১৪ জুনৰ পৰা ২৮ জুন, ২০২৪ লৈ
প্ৰতি শুক্ৰবাৰে চলাবলৈ সম্প্ৰসাৰিত কৰা হৈছে। উভতনি যাত্ৰাৰ দিশত, ৰেল নং ০৬১০৬ (ডিব্ৰুগড়–
নাগেৰকইল জংচন) বিশেষ ৰেলখন প্ৰতি বুধবাৰে ১৯ জুনৰ পৰা ০৩ জুলাই, ২০২৪ লৈ চলাবলৈ সম্প্ৰসাৰিত
কৰা হৈছে। এই ৰেলসমূহৰ সেৱাৰ সম্প্ৰসাৰণে সেই পথসমূহত অন্যান্য ৰেলৰ প্ৰতীক্ষাসূচীত থকা
যাত্ৰীসকলক লাভান্বিত কৰিব।
তদুপৰি, ৰেল নং ০৫৬৮০ (গুৱাহাটী – হাওড়া) ৱান ৱে বিশেষ ৰেলখন শুক্ৰবাৰে ০৭ জুন, ২০২৪
তাৰিখে ০৫:৫০ বজাত গুৱাহাটীৰ পৰা প্ৰস্থান কৰি শনিবাৰে ০৩:০০ বজাত হাওড়াত গৈ উপস্থিত হব। এই
ৱান ৱে বিশেষ ৰেলখনত যাত্ৰীসকলৰ সুবিধাৰ বাবে ২১ টা ডবা থাকিব। যাত্ৰাৰ সময়ত ৰে'লখন গোৱালপাৰা
টাউন, নিউ বঙাইগাঁও নিউ জলপাইগুড়ী, মালদা টাউন আৰু বৰ্ধমান আদি ৰেল ষ্টেচন হৈ চলাচল কৰিব।
এই ৰেলসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইট আৰু উত্তৰ পূব
সীমান্ত ৰেলৱেৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত উপলব্ধ আছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ
কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য অৱলোকন কৰিবলৈ অনুৰোধ কৰা হৈছে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *