Spread the love

দুলীয়াজান আনন্দপাৰা তিনিআলি অঞ্চলত নিশা ভয়াবহ অগ্নিকাণ্ড।*

 

🔴 আনন্দপাৰা তিনি আলিত অঞ্চলত অৱস্থিত গগৈ মার্কেটৰ গায়েত্রী বস্ত্ৰালয় নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জুইৰ সূত্রপাত ঘটে।

 

🔴অগ্নিকাণ্ডৰ ফলত ৪৫ লক্ষাধিক টকাৰ বয় বস্তু জুইত ভস্মীভূত হোৱাৰ আশংকা কৰিছে।ঘটনাস্থলীত দুলীয়াজান থানাৰ আৰক্ষী, অইল ইণ্ডিয়া লিমিটেডৰ অগ্নিনির্বাপক বাহিনীৰ বাহন উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত জুই নির্বাপন কৰিবলৈ সক্ষম হয়।

 

🔴 অংশু কুমাৰ গুপ্তাৰ স্বত্বাধিকাৰত থকা ‘গায়েত্রী বস্ত্রালয়’ নামৰ কাপোৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানটো জুইত সম্পূর্ণভাৱে ভস্মীভূত হয়।

 

🔴অগ্নিকাণ্ডৰ ফলত প্রতিষ্ঠানটোৰ চৌপাশে ক’লা ধোঁৱাই ছানি ধৰে ফলত স্থানীয় লোকৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

 

🔴কেনেকৈ এই অগ্নিকাণ্ড সংঘটিত হ’ল সেই কথা বৰ্তমানলৈকে পোহৰলৈ অহা নাই যদিও আৰক্ষীৰ তদন্তত পিছতহে প্ৰকৃত কাৰণ পোহৰলৈ আহিব।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *