Spread the love

 

দেশজুৰি কংগ্ৰেছে ইস্তাহাৰ প্ৰকাশ কৰাৰ বাহিৰেও কৰিমগঞ্জ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে নিজাববীয়াকৈ প্ৰকাশ কৰিলে এখন বিশেষ ইস্তাহাৰ ।

 

 

কংগ্ৰেছ প্ৰাৰ্থীয়ে এইবাৰ ভোটাৰ ৰাইজক প্ৰদান কৰিলে পাঁচটা গ্যাৰান্টি । কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ যদি বিজয়ী হয়, তেন্তে প্ৰথমতে পূৰন কৰিব নিজে প্ৰদান কৰা পাঁচটা গ্যাৰান্টি ।

 

 

আজি কৰিমগঞ্জৰ ইন্দিৰা ভৱনত জিলা কংগ্ৰেছ সভাপতি ৰজত চক্ৰৱৰ্তীয়ে প্ৰকাশ কৰে প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ পাঁচটা গ্যাৰান্টি সমৃদ্ধ ইস্তাহাৰ । কি আছে হাফিজ ৰছিদ আহমেদৰ পাঁচটা গ্যাৰান্টি ? ১) বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত মহাচড়ক নিৰ্মাণ, বদৰপুৰ ঘাট’ত অ’ভাৰ ব্ৰিজ আৰু ভৈৰৱী’ৰ পৰা গুৱাহাটী লৈকে প্ৰতিদিনে এক্সপ্ৰেছ ট্ৰেইনৰ চলাচল । ২) কৰিমগঞ্জ, হাইলাকান্দি আৰু কাঠিগড়াৰ মধ্যবৰ্তী ঠাইত এখন বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় স্থাপন আৰু ভাৰত বাংলাদেশ সীমান্তৰ সুতাৰকান্দিত আন্তৰ্জাতিক বজাৰ আৰম্ভ কৰাৰ লগতে ইয়াৰ উন্নয়ন সাধন। ৩) দৰিদ্ৰ আৰু ভুমিহীন লোকৰ বাবে মাটিৰ পট্টা প্ৰদান আৰু বিনা খৰচতে ডি ভোটাৰ সমস্যাত জৰ্জৰিত সকলক আইনি‌ সহায়তা আগ বঢ়োৱা । ৪) কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত টেট’ৰ পৰীক্ষা কেন্দ্ৰ স্থাপন, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকুৰিৰ পৰীক্ষা কেন্দ্ৰ সহ প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাৰ কেন্দ্ৰ স্থাপন । ৫) মৎস্যজীবী, কিৰান, চাহ জনগোষ্ঠী আৰু কৈৱৰ্ত সমাজৰ সাৰ্বিক উন্নয়নৰ বাবে দিল্লী – দিশপুৰ লৈকে যুজি যোৱাৰ অঙ্গীকাৰ ।

 

এই পাঁচটা গ্যাৰান্টিৰে কৰিমগঞ্জ সমষ্টিৰ ভোটাৰ ৰাইজক আকৃষ্ট কৰিব বিচাৰিছে কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে ।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *