Spread the love

[ad_1]

উল্লেখ্য যে, বিভিন্ন স্থানৰ লগতে গুৱাহাটীস্থিত কামাখ্যা মন্দিৰতো নৱৰাত্ৰি পালন হ’ব। এই সময়চোৱাত কামাখ্যা ধামত অসংখ্য ভিৰ পৰিলক্ষিত হয়।

আন দুৰ্গা পূজা মণ্ডপ সমূহৰ দৰে নীলাচল পাহাৰৰ ওপৰত অৱস্থিত কামাখ্যা মন্দিৰত মা দুৰ্গাক কোনো মূৰ্তি তৈয়াৰ কৰি উপাসনা কৰা নহয়। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্তই কামাখ্যা মন্দিৰত ভিৰ কৰে। এই সময়চোৱাত দেৱীৰ ৯ টা অৱতাৰ পূজা কৰা হয়।

বিশ্বাস মতে দেৱী দুৰ্গাই চাৰিটা সন্তান (লক্ষ্মী, সৰস্বতী, কাৰ্তিক আৰু গণেশ)ৰ সৈতে পৃথিৱীত থকা তেওঁৰ মাতৃ গৃহলৈ যায় আৰু বিজয় দশমীত কৈলাশলৈ ৰাওনা হয়। প্ৰতিদিনেই বেলেগে বেলেগ নিয়মৰে পূজা সম্পন্ন কৰা হয়।

মহা সপ্তমীত কপৌ, ছাগলী, ম’হ আদি বলি দিয়া হয়। পষেকৰ অষ্টম দিনটোত এক বিশেষ ভোগ আগবঢ়োৱা হয়। মহা নৱমীত, হাঁহ বলি দিয়া হয় আৰু দশম দিনা পুৱা পূজা কৰা হয় আৰু দেৱীক ভজা কপৌৰ মাংসৰ সৈতে পন্তভাটা প্ৰদান কৰা হয়।

দুৰ্গা পূজাৰ সময়ত কুমাৰী পূজাও সম্পন্ন কৰা হয়। কুমাৰী ছোৱালীবোৰক কামাখ্যা দেৱীৰ প্ৰকাশ হিচাপে পূজা কৰা হয়। ৰীতি-নীতি অনুসৰি নতুন ৰঙা শাৰী, সিন্দুৰ, মালা, গহনা আদিৰে সজ্জিত কৰা হয় কুমাৰীসকলক। ইয়াৰোপৰি প্ৰতিটো দিনতেই বেলেগ বেলেগ ৰীতি নীতিৰে মা দুৰ্গাক উপাসনা কৰা হয়।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *