Spread the love

*দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ

 

*মিডিয়া চে’ল, বাক্সা নিৰ্বাচনী জিলা, ২৫ এপ্ৰিল, ২০২৪* : ৪ নম্বৰ দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত

৪৩-তামুলপুৰ (জনজাতি) আৰু ৪৪-গোৰেশ্বৰ বিধানসভা সমষ্টিত কাইলৈ, অৰ্থাৎ অহা ২৬ এপ্ৰিল, ২০২৪ত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ আজি মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বিতৰণ কৰা হৈছে। উল্লেখযোগ্য যে এইবেলি ৪৩-তামুলপুৰ বিধানসভা সমষ্টিত মুঠ ভোটাৰ হৈছে ২,১২,২৫৭গৰাকী। তাৰ ভিতৰত পুৰুষ ভোটাৰ ১,০৬,৯৫৪ আৰু মহিলা ভোটাৰ ১,০৫,৩০৩। আনহাতে ৪৪-গোৰেশ্বৰ বিধানসভা সমষ্টিত পুৰুষ ভোটাৰ ১,০০,৩০৬ আৰু মহিলা ভোটাৰ ৯৯,১০১গৰাকীকে ধৰি মুঠ ভোটাৰ হৈছে ১,৯৯,৪০৭গৰাকী। আনহাতে গোৰেশ্বৰত তৃতীয় লিংগৰ ভোটাৰ এগৰাকীও নাই যদিও তামুলপুৰত তৃতীয় লিংগৰ ভোটাৰ আছে এগৰাকী। তামুলপুৰত স্থাপন কৰা ভোটকেন্দ্ৰ ২৪৭টা আৰু গোৰেশ্বৰত ২২৩টা। অৰ্থাৎ দুয়োটা বিধানসভা সমষ্টিত মুঠ ভোটকেন্দ্ৰ হৈছে ৪৭০টা। দুয়োটা সমষ্টিত স্পৰ্শকাতৰ ভোটকেন্দ্ৰ হৈছে ১২টা। গোৰেশ্বৰত এটা আদৰ্শ ভোটকেন্দ্ৰ স্থাপন কৰাৰ বিপৰীতে তামুলপুৰত ৬টা আদৰ্শ ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে। উল্লেখ্য যে দুয়োটা সমষ্টিত ৮৫ বছৰ বয়সৰ ওপৰৰ ভোটাৰ ১,৭৭৯গৰাকীৰ বিপৰীতে শতবৰ্ষ গৰকা ভোটাৰৰ সংখ্যা হৈছে ৭৬গৰাকী।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *

You missed