Spread the love

[ad_1]

 ধেমাজিঃ ৰাজহুৱা বিতৰণৰ নামত ধেমাজিত আটাৰ বিয়াগোম কেলেংকাৰী সংঘটিত হৈছে ৷ ধেমাজি খাদ্য আৰু অসামৰিক যোগান বিভাগৰ দ্বাৰা হিতাধিকাৰীৰ বাবে আবণ্টিত শ শ কুইন্টল আটাৰ কেলেংকাৰীৰ অভিযোগ কৰি ধেমাজিৰ ৰাজপথত শুকুৰবাৰে যোগান বিভাগৰ প্ৰতিকৃতি দাহ কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতিৰ প্ৰায় শতাধিক কৰ্মীয়ে৷

প্ৰতিবাদীসকলৰ অভিযোগ মতে ২০১৯ বৰ্ষৰ জানুৱাৰী মাহৰ পৰাই গোগামুখৰ M / S VASUNDHARA ROLLER FLOUR MILL, M/S N .S. P AGRO INDUSTIES, চিলাপথাৰৰ M / S LAKHISRI ROLLER FLOUR MILL আৰু ধেমাজিৰ FR MILL DHEMAJI ৰ জৰিয়তে ধেমাজি জিলাত হিতাধিকাৰীসকলক শ শ কুইন্টল আটা আৱণ্টন দিয়া দেখোৱাই থকা হৈছে যদিও প্ৰকৃতে হিতাধিকাৰীয়ে আজিকোপতি আটা লাভ নকৰা ব্যাপক কেলেংকাৰী অভিযোগ উথাপন হৈছে ৷

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *