Spread the love

[ad_1]

বটদ্ৰৱাঃ ৰাজ্যত মূল্যবৃদ্ধিয়ে জনসাধাৰণক জুৰুলা কৰাৰ সময়তে পুনৰ বৃদ্ধি পাইছে পিঁয়াজৰ মূল্য। নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ বিভিন্ন বজাৰসমূহত বৃহস্পতিবাৰে পিয়াজৰ মূল্য ৭০ টকাৰ পৰা ৮০ টকা হোৱাৰ ফলত বজাৰত গ্ৰাহকসকলে হাহাকাৰত ভোগা পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ কেইখনমান গুৰুত্বপূৰ্ণ বজাৰ হৈছে শান্তিজান বজাৰ, কহিগুৰি বজাৰ, বৰি বজাৰ, কদমনি বজাৰ, ডুমডুমীয়া বালিসত্ৰ বজাৰ, ধূপগুৰি বজাৰ, আলিটাঙনি বজাৰ, ধিং বজাৰ, জাজৰি বজাৰ। এই বজাৰ কেইখন বজাৰত শাক-পাচলিকে ধৰি পিঁয়াজ, জলকীয়া আদি কেঁচা সামগ্ৰী প্ৰতিদিনে জিলাখনৰ প্ৰতিটো প্ৰান্তৰ ব্যৱসায়ীসকলে আহি ক্ৰয় কৰি খুচৰা বজাৰত বিক্ৰী কৰাৰ লগতে আন একাংশ ব্যৱসায়ীয়ে সামগ্ৰীবোৰ ক্ৰয় কৰি যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ আদি বিভিন্ন স্থানলৈ নিয়ে।

ইফালে বৃহস্পতিবাৰে বজাৰ কেইখনত বিশেষকৈ পিঁয়াজৰ দাম ৭০ টকালৈ বৃদ্ধি হয়। পিঁয়াজৰ দাম এইদৰে দ্ৰুত গতিত হঠাত ৰহস্যজনক ভাবে বৃদ্ধি পোৱাৰ পাছত ক্ষুদ্ৰ ব্যৱসায়ীসকলেও জাঙুৰ খাই উঠিছে।

একাংশ ব্যৱসায়ীয়ে পিঁয়াজ বিক্ৰী বন্ধ কৰি আন সামগ্ৰী বিক্ৰী কৰি ব্যৱসায় চলাই থকা পৰিলক্ষিত হৈছে। অৱশ্য দুই চাৰি জনে অধীক পাইকাৰী মূল্যতে পিঁয়াজ ক্ৰয় কৰি ৭০ টকা দৰত বিক্ৰী কৰিবলৈ আৰম্ভ কৰে।

যাৰ ফলত গ্ৰাহকে পিঁয়াজ ক্ৰয় কৰিবলৈ গৈ থমকি ৰ’বলগিয়া হৈছে। বিগত কংগ্ৰেছ চৰকাৰৰ দিনত অত্যাৱশকীয় সামগ্রীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ ডিঙিত পিঁয়াজৰ মালা পিন্ধা, মূল্যবৃদ্ধি ৰােধৰ শ্ল’গানেৰে গাদী দখল কৰা বিজেপি চৰকাৰৰ কাৰ্যকালত নিত্য প্রয়ােজনীয় সামগ্ৰীৰ অনিয়ন্ত্রণহীন মূল্যবৃদ্ধিয়ে ৰাজ্যবাসীক জুৰুলা কৰিছে বুলি বজাৰ কৰিবলৈ যোৱা লোকসকলে প্ৰকাশ কৰিছে।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *