Spread the love

[ad_1]

পথ দুৰ্ঘটনাত নিহত সৰভোগৰ আহোম পথাৰৰ যুৱক ঋতুমনি ৰয় আৰু আমগুৰি টেঙা গাওঁৰ নিৰ্মল দাস বুলি জানিব পৰা গৈছে ৷ আনহাতে গুৰুতৰভাৱে আহত হোৱা লোক তিনিজন ক্ৰমে জিতুমনি ৰয়,দ্বীপজ্যোতি ৰয় আৰু জুয়েলজ্যোতি ৰয় বুলি জানিব পৰা গৈছে ৷

সৰভোগৰ এই পাঁচ গৰাকী বন্ধুৱে ALTO K10 বাহনেৰে মাজনিশা হাউলীৰ পৰা সৰভোগ অভিমুখে আহি থকাৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ শিমলাগুৰীত নিৰ্মাণ হৈ থকা উৰণীয়া সেতুৰ কাষ আহি পোৱাৰ লগে লগে বিপৰীত দিশৰ পৰা গৈ থকা AS 28C 9035 নম্বৰৰ ডাম্পাৰৰ লগত মুখামুখি সংঘৰ্ষ হয় ৷ ফলত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ আহত যুৱক তিনিজনক প্ৰথমতে বৰপেটাৰোডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও সংকটজনক অৱস্থাত যুৱক তিনিজনক বৰপেটা মেডিকেললৈ প্ৰেৰণ কৰা হয় ৷

জানিব পৰা মতে, সৰভোগৰ নিৰ্মল দাস নামৰ যুৱকজনে নতুন পাৰ্লাৰৰ ব্যৱসায় আৰম্ভ কৰিছিল। দুৰ্ঘটনাত পতিত হোৱা ALTO K 10 গাড়ীখন কালিয়ে ক্ৰয় কৰিছিল সৰভোগত নতুনকৈ মুকলি কৰা এটি নতুন শ্ব’ৰুমৰ পৰা ৷ নিশা বন্ধু সকলক লৈ ক্ৰয় কৰা নতুন বাহনখনেৰে নিশা ফুৰিবলৈ আহোতে এই দুৰ্ঘটনা সংঘটিত হয় ৷ উক্ত ঘটনাৰ পিছতে সমগ্ৰ সৰভোগৰ অঞ্চলতে শোকৰ ছাঁই বিৰাজ কৈছে।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *