Spread the love

নল গাহৰিৰ বাবে বিশ্বখ্যাত বৰনদী বণ্যপ্ৰানী অভয়াৰণ্যত বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী ৷

বৰনদী বণ্যপ্ৰানী অভয়াৰণ্যৰ সুৰক্ষা আৰু সংবৰ্ধনৰ বাবে কেইবাটাও প্ৰকল্প উদ্বোধন কৰে কাৰ্যবাহী সদস্য গৰাকীয়ে ৷
ভাৰত ভূটান আন্তৰাষ্ট্ৰীয় সীমা সংলগ্ন বিটিচিৰ অন্যতম বন্যপ্ৰাণী অভয়াৰণ্য খন বৰ্তমান একাংশ চোৰাং
কাৰবাৰী আৰু বেদখলকাৰীৰ বাবে অস্তিত্বৰ সংকটত ৷

ইফালে অভয়াৰণ্য খনৰ দাঁতিকাষৰীয়া অঞ্চলত দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই আহিছে বন্যহস্তীৰ লগতে আন আন বন্য জীৱই ৷

খৰালি পানীৰ অভাৱত বনাঞ্চলৰ বন্যপ্ৰাণী ওলাই আহে কাষৰীয়া জনাঞ্চললৈ ।

ফলত সৃষ্টি হ’য় সংঘাতৰ । বহু চেষ্টা কৰিও এনে সংঘাত ৰোধৰ কৰিবলৈ সক্ষম হোৱা নাই বনবিভাগ ৷
হাতী – মানুহৰ দীৰ্ঘদিনীয়া সংঘাত ৰোধৰ প্ৰাৰম্ভিক প্ৰস্তুতি হিচাপে বৰনদী বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তভাগত পৰ্যাপ্ত পানীৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিছে বিটিচিৰ বন বিভাগে ৷

অভয়াৰণ্য খনৰ অন্তভাগত খাল খান্দি সৌৰ শক্তিৰ সহায়ত বাৰমাহে পানী মজুত ৰখাৰ এক অভিলাসী আঁচনি গ্ৰহণ কৰিছে বিটিচি প্ৰশাসনে ,।
ইয়াৰ অংশ হিচাপে আজি অভয়াৰন্যৰ অন্তভাগত সৌৰশক্তিৰ সহায়ত পানী যোগান আৰু অভয়াৰণ্য খনৰ চাৰিওফালে সৌৰশক্তি চালিত ফেন্সিঙৰ এক আঁচনিৰ শুভ উদ্বোধন কৰে বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী পাৰিষদ ৰঞ্জিত বসুমতাৰীয়ে ৷
এনে ব্যৱস্থাৰ দ্বাৰা অঞ্চলটোৰ হাতী মানুহৰ সংঘাত কিছু উপশম হ’ৱ বুলি দাৱী কৰে কাৰ্যবাহী সদস্য গৰাকীয়ে ৷

আজিৰ এই কাৰ্যসূচীত ৰঞ্জিত বসুমতাৰীক সংগ দিয়ে বিটিচিৰ কাৰ্যবাহী পাৰিষদ দাওঁবাইছা বড়ো , ধনঞ্জয় বসুমতাৰী আৰু বন বিভাগৰ বহুকেইগৰাকী উচ্চপদস্থ বিষয়াই ৷


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *